NORTHEAST NOW (Assamese)

গায়ন-বায়ন, নাম-প্ৰসংগেৰে মুখৰিত যোৰহাট : মুষলধাৰ বৰষুণক নেওচি হাজাৰ-হাজাৰ জুবিন গাৰ্গক গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি

October 1, 2025 3:48 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি যোৰহাটত অনুষ্ঠিত হৈছে অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। ৩০০ গায়ন বায়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে উজনিবাসীয়ে। হৰিনামেৰে মুখৰিত হৈছে যোৰহাটৰ খেলপথাৰ। প্ৰতিকূল বতৰতকো নেওচি ওলাই আহিছে হেজাৰ-বিজাৰ জুবিনৰ গুণমুগ্ধ।

ইফালে আজিৰ দিনটোতেই জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাত কৰি তদন্ত চলাইছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই। ১৪ দিনৰ ন্যায়িক জিম্মাত লোৱা হৈছে দুই অভিযুক্তক।

দুই অভিযুক্তক মাজনিশা গীতনগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰি নিজৰ জিম্মাত লৈছে চিআইডিয়ে।

Related News