NORTHEAST NOW (Assamese)
Popular Stories

হাজাৰ হাজাৰ বাংলাদেশীৰ বংগত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা; বিএছএফে দিলে খেদা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2024 12:47 pm

গণ অভ্যুত্থানৰ পাছতো বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। যাৰ বাবেই বহু লোকে ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে। এই সন্দৰ্ভত বি এছ এফকো সতৰ্ক কৰি দিয়া হৈছে।

ইফালে, পশ্চিমবংগৰ কোচবিহাৰ জিলাত বাংলাদেশ সীমান্তৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা লোকৰ প্ৰচেষ্টাক শুকুৰবাৰে বিফল কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। বি এছ এফে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে ভাৰতৰ আশ্ৰয় বিচাৰি সীমান্তত উপস্থিত হৈছিল প্ৰায় ১০০০ লোক, যাৰ অধিকাংশই হিন্দু।

এই বিষয়ত বি এছ এফে ততাতৈয়াকৈ সীমান্তৰক্ষী বাংলাদেশক অৱগত কৰে যাতে এই লোকসকলক ওভতাই পঠিয়াব পৰা যায়। এই আটাইকেইজন লোক বাংলাদেশৰ লালমনিহাট জিলাৰ সীমান্তৰ পৰা ৪০০ মিটাৰ দূৰত্বত সমবেত হৈছিল।

এই সন্দৰ্ভত তথ্য দি বি এছ এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে সীমান্তত বহু লোক সমবেত হৈছিল যদিও সীমান্ত ছীল কৰাৰ বাবে কোনো লোক প্ৰৱেশ কৰিব পৰা নাছিল। পিছত সীমান্তৰক্ষী বাংলাদেশে এই লোকসকলক নিজৰ দেশলৈ লৈ যায়।

ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ পূব কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত পাঁচজনীয়া এখন সমিতি গঠন কৰে।এই কমিটীৰ নেতৃত্বত আছে এডিজি, সীমান্ত সুৰক্ষা বাহিনী, ইষ্টাৰ্ণ কমাণ্ড।