NORTHEAST NOW (Assamese)
অসম

বানত চুৰমাৰ হ’ল কৃষকৰ সপোন : টীয়কত বিঘাই বিঘাই নষ্ট হ’ল ভোট জলকীয়াৰ খেতি

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক July 4, 2020 5:49 pm
Screenshot_2020-07-04-16-47-58_1

বৰ্তমান যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰী, এজাৰগুৰি, জাঁজীমুখ আদি অঞ্চলত বানপানী প্ৰায় কমিছে।

যদিও বানপানীৰ ফলত কৃষক সকল বহু ক্ষতিৰ সন্মুখিন হবলগীয়া হয় l

শেহতীয়াকৈ কালৰূপ ধাৰণ কৰি অহা এই বানে তচনচ কৰিলে বহু কৃষকৰ সেউজীয়া সপোন।

টীয়ক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে কাৱৈমাৰী, এজাৰগুৰি, জাঁজীমুখ আদি অঞ্চলত একাংশ যুৱকে বিঘাই বিঘাই কৰা ভোট জলকীয়া খেতি বাঢ়নী পানীয়ে বিধস্ত কৰাত এতিয়া মুৰে কপালে হাত দিব লগা হৈছে নিজৰ সেউজীয়া সপোন ধ্বংস হোৱাত।

কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা এই সকল কৃষকক কৃষি বিভাগ তথা চৰকাৰে বিশেষ সাহাৰ্য প্ৰদান নকৰিলে বহু কৃষকপৰিয়াললৈ যে অমানিশা নামি আহিব সেয়া নিশ্চিত ।