NORTHEAST NOW (Assamese)
অসম

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 30, 2025 4:53 pm

অসমত এতিয়াও চলি আছে নকল সোণৰ ৰমৰমীয়া বেহা।  ধুবুৰী জিলাত শনিবাৰে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰায় ৮০০ গ্ৰাম ভুৱা সোণ জব্দ কৰাৰ লগতে  তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

গোলোকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চোটো পোকলাগী অঞ্চলৰ পৰা ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱা ধৃত তিনিজন ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলেংগামাৰী নিবাসী ছোৰহাব আলী (৫৫) আৰু সাদেক আলী (৫৮) আৰু মাঝেৰচৰৰ ছোৰবেশ আলী (৩৫) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা ৭৯৮.৯ গ্ৰাম ওজনৰ দুটা নকল সোণৰ বিস্কুট আৰু এটা আইৰন কাটাৰ উদ্ধাৰ কৰে।

আৰক্ষীৰ এজন বিষয়াই কয় যে আমি জব্দ কৰা সামগ্ৰীৰ উৎসৰ বিচাৰিছো। তদন্ত অব্যাহত আছে।