NORTHEAST NOW (Assamese)
অসম

গ্ৰাফিটি শিল্পী নিলীম মহন্তৰ মুক্তিৰ দাবীত ঐতিহাসিক ৰংঘৰৰ সন্মুখত চিত্ৰ শিল্পীৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ March 29, 2022 3:18 pm
protest against graffiti artist arrest

ঐতিহাসিক ৰংঘৰৰ সন্মুখত ফুলাম গামোচাত চিত্ৰ অংকন কৰি শিৱসাগৰৰ তিনিগৰাকী চিত্ৰ শিল্পীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

শিল্পী সুজিত বৰুৱা, দেৱজ্যোতি বৰুৱা আৰু শিখামণি বৰুৱাই গ্ৰাফিটি শিল্পী নিলীম মহন্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এইদৰে চিত্ৰ অংকন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

নীলিম মহন্তৰ গ্ৰেপ্তাৰে শিল্পীৰ স্বাধীনতা খৰ্ব কৰা বুলি ক্ষোভ প্ৰকাশ কৰে শিল্পী কেইগৰাকীয়ে।

WhatsApp Image 2022-03-29 at 2.33.54 PM

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ এটি বান্ধবিৰোধী সংগঠনৰ আমন্ত্ৰণত গ্ৰাফিটি  শিল্পী গৰাকীয়ে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সচিবালয়ৰ দেৱালত “NO MORE DAMS” শীৰ্ষক এক বান্ধবিৰোধী ছবি অংকন কৰিছিল।

ইয়াৰ বাবেই অৰুণাচল চৰকাৰৰ ৰোষত পৰি গ্ৰেপ্তাৰ হোৱা নীলিম মহন্তৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।