NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমনগালেণ্ড সীমান্তত অৱস্থিত মেৰাপানীত স্বাধীনতা দিৱস উদযাপনৰ সময়ত সংঘটিত হয় এক নৃশংস আক্ৰমণৰ ঘটনা। তিনিজন অসমীয়া যুৱকক নগা দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে।

সূত্ৰ অনুসৰি, কদমগুৰিৰ পৰা নাগালেণ্ডৰ ওচৰৰ বনাঞ্চললৈ গৈ পিকনিক খাবলৈ গৈছিল ছিমসত বসুমতাৰী, সুব্ৰত নায়ক, আৰু প্ৰকাশ বড়ো নামৰ তিনিজন অসমীয়া যুৱক। তাতেই তেওঁলোকক দুষ্কৃতিকাৰীয়ে তেওঁলোকক বাধা দিয়ে আৰু আক্ৰমণ কৰে।

ইয়াৰে ছিমসত বসুমতাৰী আৰু সুব্ৰত নায়কক দুষ্কৃতিকাৰীয়ে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে আৰু প্ৰকাশ বড়োৱে পলায়নৰ চেষ্টা কৰোতে বন্দুকৰ গুলীৰে আক্ৰমণ চলায়।

আঘাতপ্ৰাপ্ত হোৱাৰ তেওঁ মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু তাতেই প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে। পিছত চিকিৎসকে তেওঁলোকক অধিক চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই আক্ৰমণৰ প্ৰৰোচনা নোহোৱাকৈ সংঘটিত হৈছে, যাৰ ফলত সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ মাজত ব্যাপক ক্ষোভ আৰু উদ্বেগ জ্বলি উঠিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, আৰু অস্থিৰ অসমনগালেণ্ড সীমান্তত এনে হিংসাত্মক সংঘৰ্ষৰ পুনৰাবৃত্তি ৰোধৰ বাবে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে।

Related News