NORTHEAST NOW (Assamese)

‘টকিঅ’ অলিম্পিক-২০২০’ৰ প্ৰস্তুতি শিবিৰত অনুশীলন চলাইছে তিনিগৰাকী অসমীয়া ধনুৰ্বিদে

September 6, 2019 4:43 pm · এন ই নাও নিউজ
অলিম্পিকৰ প্ৰস্তুতি শিবিৰত অনুশীলন চলাই থকা অসমৰ তিনিগৰাকী ধনুৰ্বিদ

মহাৰাষ্ট্ৰৰ পুনেত থকা আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত ২০২০ টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে অসমৰ তিনিগৰাকী ধনুৰ্বিদে।

ভাৰতীয় ছিনিয়ৰ আৰ্চাৰী দলৰ আগন্তুক টকিঅ’ অলিম্পিক আৰু এছিয়া কাপৰ প্ৰস্তুতিৰ অংশ স্বৰূপে যোৱা ২২ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰস্তুতি শিবিৰত দেশৰ মুঠ ২৪ গৰাকী পুৰুষ আৰু মহিলা ধনুৰ্বিদে অংশগ্ৰহণ কৰিছে।

ভাৰতীয় দলটোৰ সৈতে অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকা শিৱিৰত আছে অসমৰ প্ৰাক্তন অলিম্পিয়ান জয়ন্ত তালুকদাৰকে ধৰি প্ৰতিভাৱান ধনুৰ্বিদ প্ৰমীলা দৈমাৰী আৰু সঞ্জয় বড়ো।

উল্লেখযোগ্য যে, প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষকৰ দায়িত্বত আছে আন এগৰাকী অসম সন্তান সুমেশ চন্দ্ৰ ৰয়।

অলিম্পিকলৈ ভাৰতীয় আৰ্চাৰী দল ঘোষণা কৰিবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে যদিও প্ৰস্তুতি শিৱিৰত খেলুৱৈ সকলৰ প্ৰদৰ্শন এই ক্ষেত্ৰত লক্ষ্যনীয় হ’ব।

অসমৰ প্ৰতিভাৱান মহিলা ধনুৰ্বিদ প্ৰমীলা দৈমাৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতাৰ প্ৰমান দাঙি ধৰিবলৈ সক্ষম হৈছে।

Related News