NORTHEAST NOW (Assamese)

কৃষি বিধেয়ক: জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপি ত্যাগ ৩ নেতাৰ

September 28, 2020 10:53 am · এন ই নাও নিউজ

বিতৰ্কিত কৃষি বিধেয়কক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰতিবাদ হোৱাৰ সময়তে নিজৰ মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থতে বিজেপি দল ত্যাগ কৰিলে তিনি গৰাকীকৈ নেতাই।

কালি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোকসভা আৰু ৰাজ্যসভাই ইতিমধ্যে গৃহীত কৰা তিনিখন কৃষি বিধেয়কত স্বাক্ষৰ কৰাৰ পিছতে আজি পঞ্জাৱ বিজেপিৰ তিনিগৰাকী প্ৰভাৱশালী নেতাই কৃষি বিধেয়কৰ বিৰোধিতা কৰি পদত্যাগ কৰে।

পদত্যাগ কৰা নেতা কেইগৰাকী হৈছে ক্ৰমে পঞ্জাৱ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি কিকৰ সিং কুটবেৱালা,ফিৰোজপুৰ বিজেপিৰ সাধাৰণ সম্পাদক চৰণদীপ সিং আৰু ফিৰোজপুৰ বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অংগ্ৰেজ সিং মিণ্টু।

তিনিওগৰাকী নেতাই এই বুলি প্ৰকাশ কৰে যে এতিয়া যিহেতু মাটি-ভেটিৰ অধিকাৰ ৰক্ষাৰ কথা আহি পৰিছে সেয়ে তেওঁলোকে দলত থাকি দলৰ ভুল নীতিক সমৰ্থন জনাব নোৱাৰে।

উল্লেখ্য কালি ৰাষ্ট্ৰপতিয়ে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিও খন বিধেয়ক আইনত পৰিণত হ’ল।

কৃষি বিধেয়ক কেইখনে এতিয়াৰে পৰা কৃষকৰ উৎপাদিত শস্য পোনপটীয়াকৈ বনিক গোষ্ঠীয়ে ক্ৰয় কৰি লোৱাৰ বাট সুগম কৰিলে।

কৃষি বিধেয়কৰ ফলশ্ৰুতিত দেশৰ পৰা মাণ্ডি ব্যৱস্থা এক প্ৰকাৰ উঠি যাব আৰু তাৰ ঠাইত কৃষকৰ উৎপাদিত ফচল বিপননৰ অধিকাৰ লাভ কৰিব বেচৰকাৰী কোম্পানীয়ে।

ইপিনেকেন্দ্ৰৰ বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভা ত্যাগ কৰাৰ পাছত এইবাৰ NDA এৰিছে শিৰোমণি আকালি দলেও।

আকালি দলৰ নেতা সুখবীৰ সিং বাদলে শনিবাৰে এই কথা ঘোষণা কৰে।

যোৱা সপ্তাহত লোকসভাত কৃষি বিধেয়ক গৃহীত হোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

শিৰোমণি আকালি দলে স্পষ্টভাৱে কৈছে যে এই কৃষি বিধেয়ক কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী। ইয়াৰ ফলত কৃষি পণ্যৰ মূল্য নিয়ন্ত্ৰণ পূঁজিপতিৰ হাতলৈ গুচি যাব আৰু তেওঁলোকৰ ইচ্ছামতে দৰ দি কৃষকৰ পৰা শস্য ক্ৰয় কৰিব।

Related News