NORTHEAST NOW (Assamese)

জংঘলৰাজ! উজনিত অবৈধ কয়লা খনিত আকৌ মৃত্যু ৩ শ্ৰমিকৰ, কাণষাৰ নাই চৰকাৰৰ

May 26, 2024 2:46 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 26, 2024 2:55 pm

ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি কেইবাটাও জাতীয় দল-সংগঠনে বাৰম্বাৰ অভিযোগ আৰু প্ৰমাণ দি অহাৰ পিছতো বন্ধ হোৱা নাই উজনি অসমত চলি থকা অবৈধ কয়লাৰ ৰেডহল মাইনিং।

দেওবাৰে তিনিচুকীয়া জিলাৰ পাটকাই পাহাৰৰ এটা অবৈধ কয়লা খনিত হোৱা ভূমিস্খলনৰ ফলত জীৱন্তে সমাধিস্থ হয় তিনিজনকৈ শ্ৰমিক।

লিডুৰ টিকক কলিয়াৰীৰ অন্তৰ্গত বৰগোলাই আৰু নামদাঙৰ মাজত অৱস্থিত টিকক পশ্চিম খনিত নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা।

ভূমিস্খলনত আৱদ্ধ হৈ থকা শ্ৰমিক তিনিজনৰ দুজন মেঘালয়ৰ আৰু এজন নেপালৰ বুলি জানিব পৰা গৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, অবৈধ কয়লা খনিৰ পৰা কয়লা উলিয়াই অনা কামত নিয়োজিত হৈ আছিল চাৰি কয়লা শ্ৰমিক।

তেওঁলোকৰ তিনিজনে কয়লা কঢ়িয়াবলৈ খনিটোত প্ৰৱেশ কৰিছিল, আনহাতে চতুৰ্থজন শ্ৰমিকে পৰিবহণত সহায় কৰি আছিল। হঠাৎ ভূমিস্খলনৰ ফলত তিনি শ্রমিক খনিৰ ভিতৰত আবদ্ধ হৈ পৰে৷ এই কাণ্ডত তেওঁলোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে শ্ৰমিক কেইজনক খনিটোৰ পৰা উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে অসমৰ অবৈধ কয়লা খনিত শ্ৰমিক মৃত্যু হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন খনিত শ্ৰমিকৰ মৃত্যু হৈছে।

ইয়াৰ পূৰ্বে অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ আৰু জাতীয় সংগঠনৰ অভিযোগ অনুসৰি উজনি অসমত চলি থকা অবৈধ কয়লা মাফিয়াক ৰক্ষণা বেক্ষণ দি আহিছে বিজেপি চৰকাৰে। কয়লা চিণ্ডিকেটৰ লগত বিজেপি নেতা জড়িত হৈ আছে বুলি বৃহৎ অভিযোগ উত্থাপন কৰি আহিছে জাতীয় সংগঠন সমূহে।

Related News