NORTHEAST NOW (Assamese)
অসম

আনুষ্ঠানিকভাৱে গেৰুৱা সাজ পিন্ধিলে তিনিগৰাকী কংগ্ৰেছী নেতাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 11, 2019 12:29 pm
index

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বৰাক সম্ৰাট ৰূপে খ্যাত গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিওজন কংগ্ৰেছী নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

শনিবাৰে দুয়োজন জ্যেষ্ঠ নেতা গৌতম ৰয় আৰু শান্তিয়াজ কুজুৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

আনহাতে, দেওবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ভুৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙৰ পাছতে বিজেপিত কংগ্ৰেছী নেতাৰ যোগদানৰ সোঁত বৈছে।

বাতৰি অনুসৰি, বিজেপিলৈ অহাৰ পথত ৰৈ আছে ভৰত নৰহ, ৰাণী নৰহ আৰু টংকবাহাদুৰ ৰায়।

index2
ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে, শান্তিয়াছ কুজুৰ কংগ্ৰেছৰ সাংসদ হিচাপে যোৱা ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে ৰাজ্যসভাৰ সদস্য আছিল। যোৱা ১৪ জুনত তেওঁৰ কাৰ্য্যকাল অন্ত পৰিছিল।

আনহাতে, বৰাক সম্ৰাট হিচাপে পৰিচিত গৌতম ৰয় ১৯৮৫ চনৰ পৰা ২০১১ চনলৈকে কাটলিছেৰা বিধানসভা সমষ্টিৰ পৰা একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

কংগ্ৰেছৰ আমোলত তেওঁ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইপিনে, হিৰণ্য ভূঞাই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বৃন্দাবন গোস্বামীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।

‘’তিনিওজন নেতাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰিছে,’’- জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।