NORTHEAST NOW (Assamese)
অসম

৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত নাগালেণ্ডৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2019 11:29 am
statehood day of Nagaland

নাগালেণ্ডৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নাগালেণ্ডৰ জনতাক সহনুভূতিশীল আৰু সাহসী আখ্যা দিয়ে।

টুইটাৰত প্ৰধান মন্ত্ৰীয়ে লিখে, ‘‘ৰাজ্যিক দিৱসত নগালেণ্ডৰ ভাতৃ-ভগ্নীলৈ মোৰ শুভেচ্ছা। নাগালেণ্ডক ইয়াৰ মহান সংস্কৃতিৰ বাবে জনা যায়। নাগালেণ্ডৰ জনসাধাৰণ অনুভূতিশীল আৰু সাহসী।’’

আনহাতে, নাগালেণ্ডৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

টুইটাৰত ৰাষ্ট্ৰপতিয়ে নাগালেণ্ডৰ সুন্দৰ আৰু শান্তিপূৰ্ণ ভবিষ্য কামনা কৰি ইয়াৰ কৃষ্টি, সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যক প্ৰশংসা কৰে।

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ই নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ জনসাধাৰণক শুভেচ্ছা জনায় বিগত সময়ত বিশ্ব বহু পৰিৱৰ্তনৰ সক্ষী হৈছে বুলি উল্লেখ কৰি পৰিৱৰ্তনে প্ৰত্যাহৱান সৃষ্টিৰ লগতে সুযোগৰো সৃষ্টি কৰে বুলি কয়।

ৰিঅ’ই ভাৰতৰ ভিতৰতে নাগালেণ্ডক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনসাধাৰণক একেলগে ওলাই আহিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে নাগালেণ্ডৰ জন্ম হৈছিল।

‘‘আমি ৰাজ্যৰ জন্মলগ্নৰে পৰা গৌৰৱময় আৰু বিস্ময়কৰ যাত্ৰাৰ সাক্ষী হৈছো। আশা কৰো আমি শক্তিশালীৰ পৰা অধিক শক্তিশালী হোৱালৈ এই যাত্ৰা অব্যাহত ৰাখিম,’’ মুখ্য মন্ত্ৰী ৰিঅ’ই লগতে কয়।