NORTHEAST NOW (Assamese)
অসম

কুনোত পুনৰ তিনিটা পোৱালি জন্ম দিলে নামিবিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অনা চিতা `জালা’ই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2024 12:26 pm

নামিবিয়াৰ পৰা অনা মাইকী চিতা জ্বালাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা পোৱালি জন্ম দিছে। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত নামিবিয়াৰ পৰা প্ৰথম পৰ্যায়ত ৮টা চিতা ভাৰতলৈ অনা হৈছিল। “জালা” ভাৰতলৈ আহিছিল প্ৰথম পৰ্যায়ত। পিছত দ্বিতীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হয়। ভাৰতলৈ অনাৰ পিছত কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল চিতা কেইটাক।

‘জালা’ই ২০২৩ চনৰ মাৰ্চ মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা পোৱালি জন্ম দিছিল। তিনিটা পোৱালিৰে মৃত্যু হয়। প্ৰায় এবছৰৰ মূৰত তাই আৰু তিনিটা পোৱালি জন্ম দিলে।

লগতে পঢ়কঃ অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰি এই ভাল খবৰটো ঘোষণা কৰে। ১৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ‘জালা’ক তিনিটা পোৱালিৰ সৈতে দেখা গৈছে।

ভূপেন্দ্ৰ যাদবে মঙলবাৰে পুৱা ভিডিঅ’টো পোষ্ট কৰি কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ তিনিটা পোৱালিক আদৰণি জনায়। লগতে দেশৰ সকলো বনকৰ্মীক অভিনন্দন জ্ঞাপন কৰে। এসপ্তাহৰ আগতে নামিবিয়াৰ পৰা অনা আন এটা মাইকী চিতাই ‘আশা’ নামৰ এটা পোৱালি জন্ম দিছিল। ইয়াৰ সাত দিনৰ পাছতে কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু তিনিটা পোৱালি জন্ম হয়।

উল্লেখ্য সাত দশক পূৰ্বে ভাৰতত চিতা বিলুপ্ত হৈছিল। ২০২২ চনৰ পৰা নামিবিয়া আৰু আফ্ৰিকাৰ অন্যান্য ঠাইৰ পৰা ভাৰতলৈ চিতাৰ সংখ্যা বৃদ্ধিৰ প্ৰধান লক্ষ্যৰে চিতা অনা হৈছে।