NORTHEAST NOW (Assamese)

আজি ৰঙে ৰঙে একাকাৰ! বৰপেটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আৰম্ভ

March 27, 2021 2:33 pm · পুলেন্দ্র দাস
ফটো: নৰ্থইষ্ট নাও।

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বৰপেটাত আৰম্ভ হৈছে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ।

পূৰ্বৰে পৰা সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে বৰপেটাত পালন কৰা হয় দৌল মহোৎসৱ।

এই দৌল মহোৎসৱৰ লগত সংগতি ৰাখি এইবেলিও ক্লাৱ ৰাইজিঙে অনুষ্ঠিত কৰে বাটে বাটে হোলীগীত প্ৰতিযোগিতা ৷

বৰপেটা সত্ৰৰ সন্মুখত এই প্ৰতিযোগিতা মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

হোলীগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা দলবোৰে বৰপেটা সত্ৰৰ সন্মুখৰ পৰা বাটে বাটে হোলীগীত গাই আহি বৰপেটা প্ৰেছ ক্লাৱৰ সন্মুখত উপস্থিত হয় ৷

হোলীগীতৰ দলবোৰৰ লগত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা কলিতা, অভিনেত্ৰী ময়ুৰী গৌতমেও অংশগ্ৰহণ কৰে ৷

Related News