NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধা আৰক্ষীৰ জালত তিনিজন চোৰাংচিকাৰী; ৮০০ গ্ৰামৰ খড়গ, মটৰচাইকেল জব্দ

Posted by: ৰিদিপ শৰ্মা January 23, 2019 9:53 pm

কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে এক অভিযান চলাই ৩ চোৰাংচিকাৰীসহ এটা গঁড়ৰ খড়্গ, এখন বাহন আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আজি সন্ধিয়া জখলাবন্ধা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আমনিৰ পৰা তিনিটাকৈ চোৰাংচিকাৰী ক্ৰমে আব্দুল আলী, ইৰফাল আলী আৰু আহাজুদ্দিনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ধৃত চোৰাংচিকাৰী কেইজনে ৮০০ গ্ৰামৰ এটা খড়গ ডিমাপুৰৰ কোনো ব্যৱসায়ীক ৬০ লাখ টকাত বিক্ৰী কৰিবলৈ আহিছিল। তেনে অৱস্থাতে ৰঙাগড়াত আৰক্ষীৰ জালত পৰে। লগতে আৰক্ষীয়ে চোৰাংচিকাৰী কেইজনে ব্যৱহাৰ কৰা এ এছ ০২ পি ২৪১০ নম্বৰৰ এখন গ্লেমাৰ মটৰচাইকেলো জব্দ কৰে।

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাই কৌশলেৰে তিনি চোৰাংচিকাৰক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।