NORTHEAST NOW (Assamese)

তিনিজন অৰ্থনীতিবিদলৈ ২০২৪ চনৰ অৰ্থনীতিৰ নোবেল বঁটা

October 14, 2024 8:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 14, 2024 8:04 pm

শেহতীয়াকৈ ঘোষণা কৰা হৈছে ২০২৪ বৰ্ষৰ বিভিন্ন বিষয়ৰ নোবেল বঁটা। সোমবাৰে ঘোষণা কৰা হৈছে অৰ্থনীতিৰ নোবেল বঁটা।

২০২৪ বৰ্ষৰ এই বঁটা লাভ কৰিছে তিনিজন অৰ্থনীতিবিদে। অৰ্থনীতিবিদ ডাৰন এচেমোগ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনে ২০২৪ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছে।

ইয়াৰ ভিতৰত ডাৰন এচেমোগ্লু তুৰস্কৰ ইস্তানবুলৰ। ১৯৯৩ চনৰ পৰা তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ অধ্যাপক হিচাপে কাম কৰি আহিছে।

ব্ৰিটেইনৰ শ্বেফিল্ডৰ বাসিন্দা ছাইমন জনছনে একেটা প্ৰতিষ্ঠানতে শিক্ষকতা কৰিছিল।

আনহাতে ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ এ. ৰবিনছনে বৰ্তমান চিকাগো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।

সোমবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই তিনিটা নাম ঘোষণা কৰে।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সৰ নোবেল কমিটীয়ে তেওঁলোকৰ গৱেষণাৰ বিষয়ে অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছে, “তিনিও অৰ্থনীতিবিদে এখন দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰত সামাজিক প্ৰতিষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। যিবোৰ সমাজত আইনৰ শাসন দুৰ্বল আৰু জনসাধাৰণক শোষণ কৰা প্ৰতিষ্ঠান আছে সেইবোৰ সমাজ সমৃদ্ধিশালী হ’ব নোৱাৰে।”

মন কৰিব যে ১৮৯৫ চনত আলফ্ৰেড নোবেলে লিখা শেষ উইলত তেওঁ পাঁচটা শাখাত নোবেল বঁটা প্ৰদানৰ বাবে ধন এৰি থৈ গৈছিল। তেওঁ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান বা শৰীৰ বিজ্ঞান, সাহিত্য আৰু শান্তি শাখাত এই বঁটা প্ৰদান কৰিব বিচাৰিছিল। কিন্তু ১৯৬৮ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ ১০ ডিচেম্বৰত আলফ্ৰেড নোবেলৰ মৃত্যুৰ বাৰ্ষিকীত বাকী নোবেল বিজয়ীসকলৰ লগতে অৰ্থনীতিবিদসকলকো এই বঁটা প্ৰদান কৰা হ’ব।

Related News