NORTHEAST NOW (Assamese)
অসম

মেচ ফিক্সিঙৰ অভিযোগ, বিশ্বৰ প্ৰাক্তন এক নম্বৰ সহ ৩ গৰাকী দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2024 8:40 am

ক্ৰিকেটত ফিক্সিঙৰ গোচৰত গ্ৰেপ্তাৰ হৈছে দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। ঘূৰি আহিছে হান্সি ক্ৰোনিয়ে কাণ্ডৰ স্মৃতি। এই তিনিজন ক্ৰিকেটাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু আৰ্থিক অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰে এজন আইচিচিৰ ৰেংকিঙৰ শীৰ্ষতো আছিল।

২০১৫-১৬ চনত সংঘটিত হৈছিল এই মেচ ফিক্সিঙৰ অভিযোগ। জনা গৈছে যে সেই সময়ত ৰাম স্লেম টি-২০ চেলেঞ্জত ফিক্সিং কৰাৰ চেষ্টা কৰা হৈছিল। এই ঘটনাত তিনিজন দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ লনৱাবো ছাটছ’বে, এথি এম্ভালাটি আৰু থামি ছ’লেকিলেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।

অভিযোগ অনুসৰি, তেওঁলোকে নিজেই এই কেলেংকাৰিৰ বাবে ধন লৈছিল। একে সময়তে আন ক্ৰিকেটাৰকো প্ৰলোভিত কৰে। দক্ষিণ আফ্ৰিকাৰ আৰক্ষী সংস্থাৰ শাখা হকছে এই বিষয়ে তদন্ত কৰি আছে।

দক্ষিণ আফ্ৰিকাৰ দুৰ্নীতি বিৰোধী আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে ৫টা অভিযোগ উত্থাপন কৰা হৈছে। কমেও ৩ খন মেচত ফিক্সিঙৰ চেষ্টা কৰা হৈছিল। কিন্তু জনা যায় যে চেষ্টা কৰিলেও কাম নহ’ল। সেই তিনিজন ক্ৰিকেটাৰক ইতিমধ্যে বিতাড়িত কৰা হৈছে। ইয়াৰ ভিতৰত ছাটছ’বে দক্ষিণ আফ্ৰিকাৰ জাৰ্চি পিন্ধি ৬১খন এদিনীয়া খেল খেলিছে। ২০১২ চনত আইচিচিৰ ৰেংকিঙত তেওঁ প্ৰথম স্থানত আছিল।

এই তিনিজনৰ উপৰিও প্ৰাক্তন ক্ৰিকেটাৰ জিন ছিমছ, আলভিৰো পিটাৰচেন, পুমি মাটছিকৱি আৰু গুলাম বোদিৰো নাম এই কেলেংকাৰীত জড়িত হৈছে। তদন্তকাৰী সংস্থাটোৰ মতে, খেলখনত স্বচ্ছতা পুনৰ ঘূৰাই অনাৰ বাবে তেওঁলোকে যুঁজ দিছে। দক্ষিণ আফ্ৰিকাৰ ব’ৰ্ডো তেওঁলোকৰ পক্ষত আছে। এই প্ৰেক্ষাপটত ২০০০ চনৰ কথাও উঠি আহিছে। যেতিয়া দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ হান্সি ক্ৰোনিয়েৰ ফিক্সিং কাণ্ডই ক্ৰিকেট জগতখন কঁপাই তুলিছিল।