NORTHEAST NOW (Assamese)

অসম-অৰুণাচল সীমান্তত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

September 17, 2019 6:56 pm · মানস প্রতীম গগৈ

উজনি অসমৰ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত চলি থকা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

চলিত বৰ্ষত অৰুণাচল আৰক্ষীয়ে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ পাছত পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত তিনিগৰাকী যুৱকক আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলি জিলাৰ ৰয়িং আৰক্ষীয়ে মেকা গাঁৱৰ পৰা মিডিং পাচিং নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকীক যোৱা শনিবাৰে আটক কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই শদিয়াৰ শান্তিপুৰ অঞ্চলৰ পৰা বিজু মেগা আৰু আনৌ ৰিমেই নামৰ যুৱক দুজনক যোৱা সোমবাৰে আটক কৰিবলৈ সক্ষম হয়।

মেকা গাঁৱৰ মিডিং পাচিঙৰ ঘৰৰ পৰা ৭০ গ্ৰাম আৰু অন্য দুজনৰ পৰা ৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আৰক্ষীয়ে জনোৱা মতে ধৃত যুৱককেইজনে ৰয়িং নগৰৰ লগতে তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল।

Related News