NORTHEAST NOW (Assamese)

কন্যাক কলেজত থবলৈ গৈছিল পিতৃ-মাতৃ; আমেৰিকাত গাড়ী দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে তিনিজনৰ

August 18, 2024 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী
আমেৰিকাৰ টেক্সাছত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয় মূলৰ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। ফটোঃ সংগ্ৰহীত।

মাত্ৰ স্কুল পাছ কৰি কলেজত ভৰ্তি হৈছিল আন্দ্ৰিল। তেওঁক গাড়ীত উঠাই মাক-দেউতাকে কলেজত থবলৈ গৈ আছিল। আমেৰিকাৰ টেক্সাছত সংঘটিত পথ দুৰ্ঘটনাত ভাৰতীয় মূলৰ এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। দম্পতীৰ মাত্ৰ ১৪ বছৰীয়া পুত্ৰহে ৰক্ষা পৰে। দুৰ্ঘটনাৰ সময়ত তেওঁ গাড়ীত নাছিল।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত লোক কেইজন হৈছে ৪৫ বছৰীয়া অৰবিন্দ মণি, তেওঁৰ পত্নী প্ৰদীপা অৰবিন্দ আৰু কন্যা আন্দ্ৰিল অৰবিন্দ। প্ৰদীপাৰ বয়স ৪০ বছৰ। এণ্ড্ৰিলৰ বয়স ১৭ বছৰ।

বুধবাৰে পুৱা প্ৰায় ৫:৪৫ বজাত লেম্পাছ কাউন্টিৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত দম্পতীহালৰ ১৪ বছৰীয়া পুত্ৰ এড্ৰিয়ান ঘৰত আছিল। তেওঁৰ প্ৰাণ ৰক্ষা পৰিল। এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰজনৰ ভৱিষ্যতৰ খৰচৰ বাবে অনুদান সংগ্ৰহ কৰি আছে।

লগতে পঢ়কঃ ‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি আন্দ্ৰিলে বিদ্যালয় উত্তীৰ্ণ হৈ ডালাছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তাত কম্পিউটাৰ বিজ্ঞান পঢ়িব বিচাৰিছিল। অৰবিন্দ আৰু তেওঁৰ পত্নীয়ে আন্দ্ৰিলক কলেজত থবলৈ গৈছিল।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাত আৰু দুজন লোকৰ মৃত্যু হয়। অৰবিন্দৰ গাড়ীৰ লগত সংঘৰ্ষ হোৱা গাড়ীখনৰ চালকৰো মৃত্যু হয়। সেই গাড়ীখনে ঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে চলা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তীব্ৰ গতিৰে আহি সেইখনে খুন্দা মাৰে অৰবিন্দৰ গাড়ীত। ফলত ভাৰতীয় মূলৰ পৰিয়ালটোৰ গাড়ীখন গৈ এখন দেৱালত খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত জুই লাগি যায়। থিতাতে মৃত্যু হয় তিনিজন লোকৰ। 

Related News