NORTHEAST NOW (Assamese)

ভূমিকম্পই কঁপাই তুলিলে আফগানিস্তান: ভাৰততো অনুভূত কম্পন

March 22, 2023 8:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 22, 2023 1:10 am

মঙলবাৰে নিশা এক প্ৰবল ভূমিকম্পই কঁপাই তুলিলে চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান। ৰিখটাৰ স্কেলত ৬.৫ প্ৰাবল্যৰ এই ভূমিকম্পৰ কঁপনি পাকিস্তানৰ লগতে ভাৰতৰো কিছু কিছু স্থান, বিশেষকৈ দিল্লী আৰু উত্তৰ ভাৰতত অনুভূত হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাৰ মতে, ৬.৫ প্ৰাবল্যৰ এই ভূমিকম্পটো নিশা প্ৰায় ১০:১৭ বজাত সংঘটিত হয় আৰু ইয়াৰ অভিকেন্দ্ৰ আছিল কাবুলৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ উত্তৰত অৱস্থিত জুৰ্মৰ ওচৰত।

ভূমিকম্পৰ ফলত আফগানিস্তানত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে পাকিস্তানত এটি শিশুৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে, এই অঞ্চলটোক ভূমিকম্প প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। পূৰ্বেও অঞ্চলটোত ৰিখটাৰ স্কেলত ৬ তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল।

২০১৮ চনতো ইয়াৰ কাষৰীয়া অঞ্চলত ৬.১ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হৈছিল আৰু ভূমিকম্পটোৰ কম্পন উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চলতে অনুভূত হৈছিল।

Related News