NORTHEAST NOW (Assamese)

ৰাজ্যত শ্ৰীঘে স্থাপন হ’ব তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়

December 19, 2018 10:25 pm · এন ই নাও নিউজ

অহা ৩ বছৰত ৰাজ্যত ৫০০খন বিছনাযুক্ত ৩ খন নতুন চিকিৎসা মহাবিদ্যলয় স্থাপন হ’ব। আজি ৰাজ্যৰ স্বাহ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ লগতে অহা ৬, ৭ আৰু ৯ জানুৱাৰিত ক্ৰমে কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়াত মুখ্য মন্ত্ৰী সোণোৱালে চিকিৎসা মহাবিদ্যলয় কেইখনৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে।

প্ৰায় ৩৮২.৭০ কোটি টকা ব্যয়েৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বিপৰীতে নলবাৰী আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় কেইখনত প্ৰায় ৩৯৮.৩১ আৰু ৪০৪.৬৩ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰি তেওঁ নতুন চিকিৎসা মহাবিদ্যলয় কেইখনৰ প্ৰতিখনতে ১০০টাকৈ চীত থাকিব বুলি সদৰী কৰে।

উল্লেখযোগ্য যে উক্ত ৩খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি বৰ্তমান ধুবুৰী, লখিমপুৰ, নগাঁও আৰু ডিফুত ৪খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম চলি আছে।

Related News