NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যাক প্ৰৱঞ্চনা : ৩ অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 4:25 pm
index.jpga

কিছু দিনৰ পূৰ্বে OLXত পুৰণি চোফা বিক্ৰী কৰিবলৈ গৈ প্ৰৱঞ্চনাৰ বলি হৈ ৩৪ হাজাৰ টকা হেৰুৱাইছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কন্যা হৰ্ষিতা কেজৰিৱালে।

উক্ত প্ৰৱঞ্চনাৰ গোচৰত দিল্লী আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ কন্যাক হৰ্ষিতা কেজৰিৱালক প্ৰৱঞ্চনা কৰি ধন হৰলুকি কৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ বৰণ কৰা অভিযুক্তকেইজন হৈছে ক্ৰমে চাজিদ, কপিল আৰু মানবেন্দ্ৰ।

উল্লেখ্য যে এই অভিযুক্তকেইজনে ই-কমাৰ্চ ৱেবচাইটৰ যোগে হৰ্ষিতা কেজৰিৱালৰ পৰা OLXত পুৰণি চোফা ক্ৰয় কৰাৰ নামত ৩৪ টকা ধন হৰলুকি কৰিছিল।

ইয়াৰ পিছতে ভুক্তভোগী হৰ্ষিতা কেজৰিৱালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তালাচী চলায় তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্তজন এতিয়াও পলাতক বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে।