NORTHEAST NOW (Assamese)

কাজিৰঙাৰ গঁড় মাৰিবলৈ আহি অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ হ’ল তিনিজন চোৰাং চিকাৰী

January 3, 2019 7:17 am · উত্তম শইকীয়া
আটকাধীন চোৰাং চিকাৰী তিনিজন ফটো : নৰ্থ-ইষ্ট নাও

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলে বোকাখাতৰ ২ নং বহিখোৱা গাঁৱত বুধবাৰে নিশা এক অভিযান চলাই তিনিজন গঁড়ৰ চোৰাংচিকাৰীৰ লগতে এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু বহু পৰিমাণৰ সক্ৰিয় গুলীৰ সৈতে কেতবোৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷

জানিব পৰা মতে কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে বোকাখাতৰ ২ নং বহিখোৱা গাঁৱৰ বিনোদ চাৰ নামৰ ব্যক্তি এজনৰ ঘৰৰ পৰা গঁড় হত্যাৰ বাবে মজুত কৰি ৰখা অত্যাধুনিক বন্দুক, ১৫ জাঁই সক্ৰিয় গুলীৰ উপৰি নাইট ভিশ্যন টেলিস্কোপ, চাইলেঞ্চাৰ, এখন কুঠাৰ, পূজাৰ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ টোপোলাৰে সৈতে চোৰাং চিকাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা চোৰাং চিকাৰী কেইজন হ’ল বহিখোৱাৰ বিনোদ চাৰ, গহপুৰ কৰৈমাৰীৰ ৰহিম কুটুম আৰু গহপুৰৰ হানিফ আলী। চোৰাং চিকাৰী তিনিওজনে বিনোদ চাৰৰ ঘৰতে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত সোমাই গঁড় হত্যাৰ পৰিকল্পনা ৰচিছিল।

ইফালে ধৃত চোৰাং চিকাৰী তিনিজনক পাছত বোকাখাত আৰক্ষী থানালৈ অনা হয়। চোৰাংচিকাৰী কেইজনে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰ কথা স্বীকাৰ কৰাৰ লগতে তেওঁলোকৰ দলত আৰু সদস্য থকাৰ কথা স্বীকাৰ কৰে। সম্প্ৰতি বন কৰ্মীৰ দলে চোৰাংচিকাৰী দলটোৰ বাকী সদস্যৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Related News