NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত তিনি আলফা (স্বাঃ) সদস্যক আটক

June 14, 2020 11:03 pm · মানস প্ৰতিম গগৈ
ধৃত আলফা (স্বাঃ) সদস্য।

৬নং আছাম ৰাইফলছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সীমামূৰীয়া অঞ্চলৰ অৰুণাচলত প্ৰদেশত তিনি আলফা সদস্য আটক কৰিছে৷

আটক আলফাকেইজন ক্ৰমে পেঙেৰী টকৌপথাৰ গাঁৱৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ৰাজেশ লাহন ওৰফে ৰাজ অসম, পেঙেৰীৰ চাৰ্জেণ্ট দহোটীয়া ওৰফে বজ্ৰ অসম আৰু ডুমডুমা বিষ্ণুপুৰ গাঁৱৰ কৰ্পৰেল ৰাজু মৰাণ ওৰফে গম্বে অসম।

সদস্য কেইজনৰ পৰা দুটা পিষ্টল, তিনিটা মেগজিন, ৮ জাঁই সক্ৰিয় গুলী সহ কিছু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে৷

আলফা সদস্যকেইজনক খুনছা আৰক্ষীক গতাই দিয়া হৈছে৷

আছাম ৰাইফলছৰ মতে আলফা সদস্যকেইগৰাকী ম্যানমাৰ শিৱিৰৰ পৰা পলাই আহিছিল৷

Related News