NORTHEAST NOW (Assamese)

ৰেইল কৰ্মচাৰীৰ চূড়ান্ত হেমাহিত গোৱালপাৰাত মৃত্যু হ’ল তিনিটা শগুণ

January 30, 2020 7:31 am · নীলমণি শৰ্মা
প্ৰতিনিধিত্বমূলক চিত্ৰ

যি সময়ত প্ৰকৃতিৰ হৰিজন স্বৰূপ শগুনৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে দেশজুৰি ব্যাপক চিন্তা-চৰ্চা চলি আছে, ঠিক সেই সময়তে গোৱালপাৰা জিলাত ৰেইল কৰ্মচাৰীৰ চূড়ান্ত হেমাহিত তিনিটাকৈ শগুন নিধন হোৱাৰ ঘটনাই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে।

জানিব পৰামতে সোমবাৰে জিলাখনৰ মৰনৈ থানাৰ অন্তৰ্গত হাৰিমুৰা ঘোৰাপটাত ৰে’ল পথত গৰুৰ মৰাশ ভক্ষন কৰি থকা অৱস্থাত এখন চলন্ত ৰে’লৰ খুন্দাত তিনিটা শগুনৰ মৃত্যু হয় আৰু এটা আহত হয়।

এই দৃশ্য স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে ঘটনাটো বন বিভাগক জ্ঞাত কৰাত বন বিভাগে ঘটনাস্থলত উপস্থিত হৈ আঘাতপ্ৰাপ্ত শগুনটোক চিকিৎসাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে কেইবাদিন পূৰ্বে ৰেইলৰ খুন্দাত মৃত্যু হোৱা গৰুৰ মৃতদেহটো ৰে’ল পথৰ পৰা ৰেইল কৰ্মচাৰীয়ে আঁতৰাব লাগিছিল যদিও দায়িত্বৰ প্ৰতি চৰম হেমাহি কৰাৰ ফলত এই ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপিত হৈছে।

ইফালে কিছু পৰিমানে সুস্থ হৈ উঠা আঘাতপ্ৰাপ্ত শগুনটোক বন বিভাগে ৰাণীত অৱস্থিত শগুনৰ আৱদ্ধ প্ৰজনন কেন্দ্ৰত অৰ্পণ কৰিব।

Related News