NORTHEAST NOW (Assamese)
অসম

ৰাণীত মৰ্মান্তিক ঘটনা! খাদ্যৰ সন্ধানত ওলাই অহা পোৱালীসহ ৩ টা হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2023 10:32 am

মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত ঘটনা বিদ্যুৎ‍স্পৃষ্ট হৈ পোৱালীসহ ৩টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে।

জানিব পৰা মতে, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰাণী চাহ বাগিচাৰ পানীচন্দাত সংঘটিত হয় এই ঘটনা। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বনৰীয়া হাতীকেইটা ওলাই আহিছিল। তাৰপাছতেই পোৱালীসহ তিনিটাকৈ হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

লগতে পঢ়ক: ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত আৰু দুজনৰ মৃত্যু

সূত্ৰ অনুসৰি, হাতীৰ জাকটো এখন বাৰীত সোমোৱাৰ সময়তে তামোল গছ ভাঙি পৰি বিদ্যুতৰ তাঁৰত লাগে। বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত সেই তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ হাতী তিনিটাৰ মৃত্যু হয়।

ইতিমধ্যে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা বন বিষয়াৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে মৃত হাতীকেইটা পৰ্যবেক্ষণ কৰি পৰৱৰ্তী ব্যৱস্থাৰ পদক্ষেপ গ্ৰহণ কৰিব।

লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

ইয়াৰ পূৰ্বেও প্ৰায়েই বিদ্যুৎ‍স্পৃষ্ট হৈ বনৰীয়া হাতীয়ে মৃত্যুক সাৱটি লোৱাৰ ঘটনা ঘটিছে। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ কোনো কাণসাৰ নিদিয়াৰ বিষয়টোত বন্যপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে।