NORTHEAST NOW (Assamese)
অসম

গৌৰৱ গগৈ, সুস্মিতা দেবৰ টিকট নিশ্চিত কৰিলে নেতৃত্বই; ১২ মাৰ্চত ওলাব সম্পূৰ্ণ তালিকা

Posted by: এন ই নাও নিউজ March 8, 2019 8:45 am
Gaurav Gogoi_Susmita

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সমাগত লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ আৰু সুস্মিতা দেবৰ টিকট নিশ্চিত কৰিছে। দুয়ো তেওঁলোকৰ বৰ্তমানৰ সমষ্টিকেইটাৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। গৌৰৱ গগৈয়ে কলিয়াবৰ আৰু সুস্মিতা দেবে শিলচৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে।

দলটোৰ অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱত নেতৃত্বধীন স্ক্ৰীনিং কমিটীয়ে ৭ মাৰ্চত এই সিদ্ধান্ত লৈছে। এই উদ্দেশ্যে অনুষ্ঠিত স্ক্ৰীনিং কমিটীৰ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত আছিল।

ইপিনে দলটোৰ আনজন সাংসদ বীৰেন সিং ইংতিৰ প্ৰাৰ্থিত্ব এতিয়াও নিশ্চিত কৰা হোৱা নাই। এই কথা জনালে হৰিশ ৰাৱতে।

বাকী প্ৰায় সকলো সমষ্টিৰ বাবে প্ৰদেশ স্ক্ৰীনিং কমিটীখনে দুজনকৈ প্ৰাৰ্থী বাছি উলিয়াইছে আৰু তাৰ মাজৰ পৰাই চূড়ান্ত প্ৰাৰ্থীজন নিৰ্বাচন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাৱতে।

এই সম্পৰ্কত অধিক আলোচনা-বিলোচনা কৰিবৰ বাবে স্ক্ৰীনিং কমিটীয়ে আকৌ এবাৰ বৈঠকত বহাৰ কথা ক’লে তত্ত্বাৱধায়কজনে। তাৰ পিছতেই অহা ১২ মাৰ্চত প্ৰায়বোৰ সমষ্টিৰ বাবেই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

উল্লেখযোগ্য যে অসমৰ যুৱ সাংসদদ্বয় গৌৰৱ গগৈ আৰু সুস্মিতা দেবৰ গুৰুত্বপূৰ্ণ স্থান আছে সৰ্বভাৰতীয় পৰ্য্যায়তো। সুস্মিতা দেব অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰো সভানেত্ৰী।