NORTHEAST NOW (Assamese)

মহানগৰীৰ ছাত্ৰীনিবাসৰ গেটৰ সন্মুখতে বনৰজাৰ বিচৰণ, আতংকিত আবাসী

November 30, 2020 9:38 am · এন ই নাও নিউজ
Updated: November 30, 2020 9:41 am
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী মহানগৰীত পুনৰ বাঘৰ আতংক।

আজি পুৱাই মহানগৰীৰৰ হেঙেৰাবাৰীস্থিত এটা ব্যক্তিগত খণ্ডৰ ছাত্ৰী নিবাসৰ চৌহদত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে ছাত্ৰী নিবাসৰ আবাসীসকলৰ লগতে স্থানীয় বাসিন্দাসকল।

ছাত্ৰীনিবাসটোৰ স্বত্ত্বাধিকাৰী কবিতা বৰাই প্ৰকাশ কৰা মতে আজি পুৱা তেওঁ ঘৰৰ বাহিৰলৈ ওলাই অহাৰ পিছতে বাৰান্দাৰ ছোফাৰ তলত এটা প্ৰকাণ্ড বাঘ শুই থকা দেখিবলৈ পায়।

বাঘটো দেখি আতংকিত হৈ পৰা বৰাই লগে লগে ঘৰৰ ভিতৰলৈ সোমাই যায় আৰু ঘটনাটোৰ বিষয়ে বহতকে জনোৱাৰ ব্যৱস্থা কৰে।

বন বিভাগক বাঘটোৰ অৱস্থানৰ কথা জনোৱাৰ পিছতে বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলায় যদিও বাঘটোৱে এক বিশেষ স্থানত অৱস্থান গ্ৰহণ কৰাত চাৰিবাৰকৈ ট্ৰেংকুলাইজৰ ব্যৱস্থা কৰিও বন বিভাগ ব্যৰ্থ হৈছে।

বাঘটোক যিকোনো প্ৰকাৰে ট্ৰেংকুলাইজ কৰাৰ বাবে বন বিভাগে চেষ্টা চলাই আছে।

বাঘটো কালাপাহাৰ বা আমচিঙৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনঅৰণ্যলৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে।

পাহাৰত ব্যাপক হাৰত হোৱা বেদখলৰ বাবেই বন্য জন্তু বোৰৰ বাবে থাকিবলৈ ঠাইৰ অভাৱ হৈছে।

ফলত মহানগৰীত প্ৰায়ে বাঘে জন অৰণ্যত প্ৰৱেশৰ ঘটনা ঘটি আহিছে।

Related News