NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ

May 22, 2020 5:08 pm · উত্তম শইকীয়া
Updated: May 22, 2020 8:48 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শুকুৰবাৰে পুৱা এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছে৷

এদিনৰ পূৰ্বে মৃত্যু হোৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা বনশিৱিৰ এলেকাৰ জনতা টঙীৰ নাতিদূৰতে বনকৰ্মীয়ে উদ্ধাৰ কৰে৷

দুবছৰীয়া এই মতা ঢেকীয়াপতীয়া বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰমাণ হয়৷

কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা বন বিষয়া আৰু পশু চিকিৎসকৰ দলে ঘটনাস্থলীতে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনাৰে মৰণোত্তৰ পৰীক্ষা কৰে৷

দুবছৰীয়া মতা ঢেকীয়াপতীয়া বাঘৰ পোৱালিটোৰ শৰীৰৰ বিভিন্ন স্থানত অন্য বাঘে কৰা আক্ৰমণৰ চিহ্নৰ লগতে মূৰৰ হাঁড় ভাঙি দিয়া অৱস্থাত পোৱা হয়৷

কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে ঘটনাস্থলীতে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত ঘটনাস্থলীতে সকলোৰে উপস্থিতিত মৃত বাঘটোৰ সৎকাৰ কৰা হয়৷

উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰৰ এইয়া চতুৰ্থ ঘটনা৷

Related News