NORTHEAST NOW (Assamese)

টিক টক, হেল’লৈ জাননী প্ৰেৰণ, বন্ধ কৰাৰ সকীয়নি ভাৰত চৰকাৰৰ

July 18, 2019 6:09 pm · এন ই নাও নিউজ
Updated: July 18, 2019 6:23 pm
ৰিতাৰ্ন অৱ তিক তক।

চ’চিয়েল মিদিয়া প্লেটফৰ্ম টিক টক আৰু হেল’লৈ ভাৰত চৰকাৰৰ ইলেকত্ৰনিকছ আৰু আই টি মন্ত্ৰ্যালয়ে শেহতীয়াকৈ এক জাননী প্ৰেৰণ কৰিছে।

বাতৰি মতে, সেই জাননীত এপ দুটাৰ কৰ্তৃপক্ষৰ পৰা মন্ত্ৰ্যালয়ে ২১টা প্ৰশ্নৰ স্পষ্ট উত্তৰ বিচাৰিছে। আৰু সঠিক উত্তৰ দিয়াত বিফল হ’লে চৰকাৰে এপ দুটা বন্ধ কৰি দিব।

লগতে পঢ়ক– খৰধৰ কৰক! দিনে ১ লাখকৈ টকাৰ অ’ফাৰ টিক টকৰ, অসমৰ বাবেও মুকলি

প্লেটফৰ্ম দুটা “দেশবিৰোধী কাৰ্য্যকলাপ”ত ব্যৱহৃত হোৱা বুলি ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত স্বদেশী জাগৰণ মঞ্চই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বাতৰি মতে, ব্যৱহাৰকাৰীৰ তথ্য “আন দেশ, তৃতীয় পক্ষ বা কোনো ব্যক্তিগত গোটলৈ” সৰবৰাহ নকৰাৰ নিশ্চিতি প্লেটফৰ্মকেইটাৰ পৰা বিচৰা হৈছে।

টিক টক আৰু হেল’ই এক যুটীয়া বিবৃতিযোগে এই অভিযোগ অস্বীকাৰ কৰা বুলিও বাতৰিত প্ৰকাশ।

তেওঁলোকে কৈছে যে তেওঁলোকৰ কাৰণে ভাৰত এক শক্তিশালী বজাৰ আৰু পৰৱৰ্তী তিনিটা বছৰত ইয়াত ১ বিলিয়ন ডলাৰতকৈয়ো অধিক ধন বিনিয়োগ কৰাৰ বাবে তেওঁলোকে পৰিকল্পনা কৰিছে আৰু তেওঁলোকে ইয়াৰ স্থানীয় সম্প্ৰদায়ৰ দায়িত্ব স্বীকাৰ কৰে।

স্কিল ইণ্ডিয়া কাৰ্য্যসূচীত ইতিমধ্যে তেওঁলোকে সহযোগিতা আগবঢ়োৱাৰ কথাও কোম্পানিকেইটাই উল্লেখ কৰিছে।

বৰ্তমানৰ টিক টক এপ স্ত’ৰৰ আটাইতকৈ জনপ্ৰিয় বিনামূলীয়া এপ হোৱাৰ লগতে প্লে’ স্ত’ৰৰো সৰ্বাধিক জনপ্ৰিয় চ’চিয়েল এপ।

এপটোৰ ওপৰত যোৱা ৩ এপ্ৰিলত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২৪ এপ্ৰিলত “চৰ্তসাপেক্ষে” উঠাই লৈছিল।

চীনা কাম্পেনি বাইতদান্স মালিকানাধীন বিনামূলীয়া এপটোৰ গোটেই পৃথিৱীত আছে ১ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী, তাৰ প্ৰায় দুশ মিলিয়ন ভাৰতৰ।

Related News