NORTHEAST NOW (Assamese)

তিনিচুকীয়াত আৰ এছ এছৰ সভালৈ অহা বিজেপিৰ জিলা সভাপতিক প্ৰতিবাদকাৰীৰ আক্ৰমণ

January 30, 2019 5:26 pm · মানস প্ৰতিম গগৈ
Updated: January 30, 2019 6:20 pm

নগাৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি তিনিচুকীয়া জিলত আৰ এছ এছে অায়োজন কৰা এখন সভাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী মতে আজি আৰ এছ এছে পতা সভাত অংশ গ্ৰহণ কৰিবলৈ আহি তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণ প্ৰতিবাদকাৰীৰ হাতত ধৰাশায়ী হয়।

প্ৰতিবাদকাৰীৰ আক্ৰমণৰ ফলত সভাপতিগৰাকী মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়্ন্ত্ৰণ কৰিবলৈ লাঠী চালনা কৰে আৰু বিজেপিৰ তিনিচুকীয়া জিলা সভাপতি গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে তিনিচুকীয়াত আৰ এছ এছে পতা সভাত আছু, অগপ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাধা প্ৰদান কৰিছিল। আছুৱে আৰ এছ এছৰ সভাগৃহৰ সন্মুখত ক’লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Related News