NORTHEAST NOW (Assamese)
অসম

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ তিৰোভাব তিথি পালন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন September 8, 2021 4:00 pm
bh

আজি শ্ৰী মন্ত শংকৰ দেৱৰ ৪৫৩ সংখ্যক তিৰোভাব তিথি।

উজনি অসমৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ক’ৰনা সংক্ৰমণ ৰোধৰ নীতি নিৰ্দেশনা মানি গুৰুজনাক সেৱা জনাবলৈ ভিৰ কৰিলে অজস্ৰ ধৰ্মপ্ৰাণ ৰাইজে।

উল্লেখযোগ্য যে মুখত ক’ভিড পৰিস্থিতিৰ বাবে মুখত মাস্ক, হাতত ধূপ-দীপ নৈবেদ্য লৈ গুৰুজনাৰ তিৰোভাৱ তিথি দিনা শ্ৰী চৰণত সেৱা জনাই অসূয়া, অমঙ্গল নাশৰ প্ৰাৰ্থনা কৰিলে ভক্তগণে।

সমান্তৰাল ভাৱে নামঘৰ পৰিচালনা সমিতিয়ে কভিড প্ৰ’ট’কল মানি আয়োজন কৰিছে বিশেষ ভদীয়া নামৰো।

অৱশ্যে এইবাৰ সমজুৱাকৈ শাৰী পাতি বহি প্ৰসাদ গ্ৰহণৰ প্ৰক্ৰিয়া দেখা পোৱা নগ’ল ঐতিহাসিক নামঘৰটিত।

ভক্তগণে গাইগুটীয়া কৈ বন্তি জ্বলোৱাৰ পৰিৱৰ্তে নামঘৰ পৰিচালনা সমিতিয়ে স্থাপন কৰা দহ গচ বন্তিত সেৱকী সকলে তেল ঢালি সেৱা গ্ৰহণ কৰিলে।

পূৰ্বৰ দৰে পৰিবেশ নাই যদিও কভিড -১৯ ৰ সংহাৰৰ মাজতো ভাদ মাহত অনুষ্ঠিত হোৱা গুৰুজনাৰ তিৰোভাৱ তিথিৰ এই বিশেষ দিনটোত এক প্ৰকাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ যেন জনসমুদ্ৰলৈ পৰ্যবসিত হ’ল।