NORTHEAST NOW (Assamese)
Popular Stories

টাইটানিক চিনেমাৰ কেপ্তেইন স্মিথ, লৰ্ড অৱ দ্য ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2024 10:58 am

হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্তেইন এডৱাৰ্ড স্মিথৰ কথা মনত আছেনে? তেওঁৰ প্ৰকৃত নাম বাৰ্নাৰ্ড হিল। তেওঁৰ দেহাৱসান ঘটিছে। বিশেষভাৱে ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী।

বাতৰি অনুসৰি, দেওবাৰে পুৱা ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ প্ৰতিনিধি ল’ ক’লছনে।

দেওবাৰে পুৱাই অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু হোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে। অৱশ্যে মৃত্যুৰ কাৰণ প্ৰকাশ কৰা নাই। মৃত্যুৰ সময়ত তেওঁৰ লগত আছিল তেওঁৰ বাকদত্তা এলিছন আৰু পুত্ৰ গেব্ৰিয়েল।

লৰ্ড অৱ দ্য ৰিংছত বাৰ্নাৰ্ড হিল।

বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হলিউড। এক্স হেণ্ডেলত স্কটিছ গায়িকা বাৰ্বাৰা ডিক্সনে লিখিছে, ‘তেওঁ আছিল এজন অসাধাৰণ অভিনেতা। তেওঁৰ লগত কাম কৰাটো সঁচাকৈয়ে বেলেগ অনুভৱ আছিল। শান্তিৰে থাকক বেনি।‘

১৯৯৭ চনত মুক্তি পাইছিল অস্কাৰ বিজয়ী ছবি টাইটানিক। তাত বাৰ্নাৰ্ডে কেপ্তেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰটো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছিল। যিটো আজিও বিশ্বৰ কোটি কোটি লোকে মনত ৰাখিছে। কেৱল সেয়াই নহয়, লৰ্ড অৱ দ্য ৰিংছত কিং থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি বাৰ্নাৰ্ড হিলে দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ উপৰিও এই অভিনেতাগৰাকীয়ে ‘গান্ধী’, ‘চাৰিলী ভেলেণ্টাইন’ আৰু ‘দ্য স্কোৰ্পিয়ন কিং’ ছবিত অভিনয় কৰি প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

টাইটানিকত বাৰ্নাৰ্ড হিল।

বাৰ্নাৰ্ড ব্ৰিটেইনৰ মানচেষ্টাৰৰ বাসিন্দা। বিবিচিৰ শেহতীয়া প্ৰযোজনা ‘দ্য ৰেচপণ্ডাৰ’ নামৰ নাটকখন লৈ তেওঁ টিভিৰ পৰ্দালৈ উভতি আহিবলৈ অপেক্ষা কৰি আছিল। আনকি কাকতলীয়াভাৱেও দেওবাৰৰ পৰা আৰম্ভ হৈছে নাটকখনৰ সম্প্ৰচাৰ। বিখ্যাত অভিনেতা মাৰ্টিন ফ্ৰীমেনেও ইয়াত বাৰ্নাৰ্ডৰ সৈতে অভিনয় কৰিছে।