NORTHEAST NOW (Assamese)
অসম

চীনৰ সৈতে সংঘাতময় পৰিস্থিতিৰ মাজতে চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰিলে টাইৱানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 6:50 am

চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে টাইৱানৰ ৰাষ্ট্ৰপতি চাই য়েং-ৱেনে মঙলবাৰে ঘৰুৱাভাৱে নিৰ্মাণ কৰিবলগীয়া চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰে।

টাইৱানে সম্পুৰ্ণ নিজা প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলগীয়া চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰি টাইৱানৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এয়া এক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য কৰে।

‘‘চাবমেৰিণ প্ৰকল্পৰ আৰম্ভণিয়ে টাইৱানে সমগ্ৰ বিশ্বক টাইৱানৰ যে নিজৰ সাৰ্বভৌমত্ত অক্ষুণ্ণ ৰখাৰ সামৰ্থ  আছে সেয়া প্ৰমাণ কৰিছে,’’ ৰাষ্ট্ৰপতি ৱেনে লগতে কয়।

২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে টাইৱানক চাবমেৰিণ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আৰু সহায় কৰিব বুলি চুক্তি স্বাক্ষৰ কৰিছিল।

আনহাতে, টাইৱানৰ চাবমেৰিণ প্ৰকল্পৰ শুভাৰম্ভণিৰ পাছতে চীনে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

চীনে টাইৱানক সকীয়নি প্ৰদান কৰি আমেৰিকা যুক্তৰাষ্ট্ৰকো প্ৰৰোচিত নকৰিবলৈ কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰৱৰ্তী সময়ত টাইৱান আৰু চীনৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।