NORTHEAST NOW (Assamese)

পশ্চিমবংগত কোভিডে পুনৰ প্ৰাণ কাঢ়ি নিলে আন এগৰাকী বিধায়কৰ

June 20, 2021 11:04 am · এন ই নাও নিউজ

কালান্তক কোভিডে পুনৰ প্ৰাণ কাঢ়ি নিলে এগৰাকী বিধায়কৰ।

পশ্চিবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক জয়ন্ত নস্কৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণাৰ গোছাবাৰ বিধায়ক কিছুদিন পূৰ্বে ক’ৰ’নাত আক্ৰান্ত হৈছিল।

শনিবাৰে নিশা তেওঁক ভৰ্তি কৰোৱা হৈছিল কলকাতাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পিছতো যোৱা নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বিধায়ক নস্কৰৰ বয়স হৈছিল ৭৩ বছৰ।

বিধায়কগৰাকীৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে মৃত্যুৰ সময়ত বিধায়কগৰাকীৰ কোভিড ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও তেওঁৰ হাঁওফাওঁ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

ফলত তেওঁৰ মৃত্যু ঘটে। বিধায়ক জয়ন্ত নস্কৰৰ মৃত্যুত তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Related News