NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা ৰাজনৈতিক অস্থিৰতা: আদালত অৱমাননাৰ অভিযোগেৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তৃণমূল কংগ্ৰেছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2021 8:37 pm
TMC moves Supreme Court with contempt plea on 'worsening' situation in Tripura

ত্ৰিপুৰাৰ ৰাজনৈতিক অস্থিৰতাই অৱশেষত উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰিছে। আজি তৃণমূল কংগ্ৰেছে আদালত অৱমাননাৰ অভিযোগেৰে শীৰ্ষ আদালতত গোচৰ ৰুজু কৰিছে।

তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছে উলিওৱা সমদলক বাধা প্ৰদান কৰাৰ লগতে অনুমতি নিদিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিছে। শীৰ্ষ ন্যায়ালয়ে মঙলবাৰে ইয়াৰ শুনানি ল’ব বুলি জানিব পৰা গৈছে।

বিজেপি শাসিত ৰাজ্যখনত ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত তৃণমূলৰ পূৰ্বৰ গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কৈছিল যে প্ৰাক-নিৰ্বাচন মুক্তভাৱে, সুচাৰুৰূপে অনুষ্ঠিত কৰিব লাগে। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলক সঠিক সুৰক্ষা দিব লাগিব।

কিন্তু বাস্তৱত ত্ৰিপুৰা চৰকাৰে আদালতৰ এই ৰায়ক উপেক্ষা কৰিছে বুলি অভিযোগ কৰিছে তৃণমূলে। আগৰতলা নিৰ্বাচনৰ প্ৰচাৰত তৃণমূল বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে বুলি তৃণমূল কংগ্ৰেছে অভিযোগ কৰে।

ৰাজ্যখনৰ স্থানীয় তৃণমূল প্ৰাৰ্থীসকল শাসিত দলটোৰ দ্বাৰা আক্ৰমণৰ সমুখীন হৈছে বুলি তৃণমূল নেতৃত্বই অভিযোগ কৰিছে। আনকি মহিলা তৃণমূল প্ৰাৰ্থী এগৰাকীক আৰক্ষী থানাৰ পৰা বাহিৰ কৰি দিয়াৰ ভিডিঅ’ পোহৰলৈ আহিছে।

ইয়াৰ পিছতে দেওবাৰে তৃণমূলৰ যুৱ নেত্ৰী চাইনী ঘোষৰ গ্ৰেপ্তাৰে ত্ৰিপুৰাৰ ৰাজনৈতিক অস্থিৰতাক অন্য ৰূপ দিয়ে।