গোপনে বিয়াত বহিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই! দৰা কোন জানেনে?
বাতৰি অনুসৰি তৃণমূল কংগ্ৰেছৰ দুবাৰৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰই যোৱা ৩ মে’ত গোপনে বিবাহপাশত আবদ্ধ হৈছে।এই বিবাহক লৈ দল আৰু সাংসদগৰাকী নিজেও সম্পূৰ্ণ মৌন হৈ আছিল। অৱশ্যে দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২ দিন পূৰ্বেই তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে বিবাহপাশত আবদ্ধ হৈছে।
খবৰ অনুসৰি মহুৱা মৈত্ৰৰ বিয়া জাৰ্মানীত হৈছিল। নৱবিবাহিত দুগৰাকীৰ এখন ছবিও প্ৰকাশ কৰিছে টেলিগ্ৰাফে। খবৰ অনুসৰি মহুৱা মৈত্ৰই পিনাকী মিশ্ৰৰ সৈতে বিয়া পাতিছে। তেওঁ বিজু জনতা দলৰ নেতা। ইয়াৰ পূৰ্বে তেওঁ পুৰীৰ সাংসদ আছিল। এয়া মহুৱাৰ দ্বিতীয় বিবাহ।
প্ৰতিবেদনত দাবী কৰা হৈছে যে মহুৱা মৈত্ৰৰ পূৰ্বে অধিবক্তা জয় অনন্ত দেহদাৰাইৰ সৈতে তিনি বছৰৰ সম্পৰ্কত আছিল। পিছত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে। দুয়োৰে মাজত সম্পৰ্ক তিক্ত হৈ পৰিছিল। পোহনীয়া জন্তুটোৰ তত্ত্বাৱধান সন্দৰ্ভত আদালতত গোচৰ ৰুজু কৰা হয়। ইপিনে তাৰ পৰাই অনন্তৰ সূত্ৰৰ ভিত্তিত এম পি পৰ্টেলৰ লগইন পাছৱৰ্ড বিতৰ্কত মহুৱা জড়িত হৈ পৰে। সেই সময়ত মহুৱাই সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল।
ইয়াৰ পূৰ্বে মহুৱা মৈত্ৰই ডেনিছ ব্যৱসায়ী লাৰ্ছ ব্ৰ’ছনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। আৰু এইবাৰ কৃষ্ণনগৰৰ তৃণমূল সাংসদগৰাকীয়ে বাৰ্লিনৰ এটা ৰাজপ্ৰসাদত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে। পিনাকী মিশ্ৰৰ বয়স ৬৫ বছৰ। ইফালে মহুৱাৰ বয়স ৫১ বছৰ। পিনাকিৰো এয়া দ্বিতীয় বিবাহ।
জানিব পৰা মতে, পেছাত এগৰাকী অধিবক্তা পিনাকী মিশ্ৰই ইয়াৰ পূৰ্বে মহুৱা মৈত্ৰৰ হৈ গোচৰ চলাইছিল। মহুৱাক যেতিয়া সাংসদ বাংলো খালী কৰাৰ জাননী দিয়া হৈছিল, তেতিয়াও পিনাকিয়ে মহুৱাৰ কাষত থিয় দিছিল। এইগৰাকী বিজেডি নেতাই তৃণমূল সাংসদগৰাকীৰ হৈ আদালতত যুক্তি আগবঢ়াইছিল।