NORTHEAST NOW (Assamese)

বিজেপি এটা ভাইৰাছ আৰু মমতা বেনাৰ্জী সেই ভাইৰাছৰ ভেকচিন!

October 25, 2021 7:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 25, 2021 7:05 pm

“বিজেপি এক ভাইৰাছ আৰু মমতা বেনাৰ্জী বিজেপি ভাইৰেছৰ ভেকচিন”- এই মন্তব্যৰে চৰ্চালৈ আহিছে এগৰাকী ৰাজনৈতিক নেতা।

চলিত মাহত বঙ্গত চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সোমবাৰে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উত্তৰ বংগৰ দিনহাটাত উপস্থিত হয়। প্ৰচাৰ মঞ্চৰ পৰাই বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই বেনাৰ্জীয়ে।

অভিষেক বেনাৰ্জীয়ে বিজেপিক কৰ’ণা ভাইৰাছ, শ্যামাপোকাৰ সৈতে তুলনা কৰে। তেওঁ তৃণমূল নেতা মমতা বেনাৰ্জীক বিজেপিৰ ‘ভেকচিন’ বুলিও উল্লেখ কৰে।

৩০ অক্টোবৰত বেহাৰৰ দিনহাটাত বিধানসভা উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সাংসদ নিশিথ প্ৰমানিক যোৱা বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা জয়ী হৈছিল। কিন্তু তেওঁ সাংসদ পদ ত্যাগ নকৰাৰ বাবে এই সমষ্টিটোত পুনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

তৃণমূলৰ নেতাগৰাকীয়ে কয়, “বিজেপিয়ে জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। কৰ’ণা হৈছে এক ভাইৰাছ। সেইদৰে বিজেপিও এটা ভাইৰাছ। কৰ’ণা ভাইৰাছৰ ভেকছিন কভিশ্বিল্ড আৰু বিজেপিৰ ভেকছিন হৈছে মমতা বেনাৰ্জী।”

তেওঁ লগতে কয়, “বিজেপি হৈছে শ্যামাপোক, কেৱল ভোটৰ আগতে হে আহে। বিজেপিয়ে আগতে কিমানটা প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি সমূহ কি হ’ল ? মমতা বেনাৰ্জীৰ সৈতে এয়া বিজেপিৰ পাৰ্থক্য।”

অভিষেকে দাবী কৰে যে মমতা বেনাৰ্জীয়ে কেৱল দলৰ ভিত্তিত কাম কৰা নাই। কোনো চিপিএম-কংগ্ৰেছ-বিজেপি কৰ্মী-সমৰ্থকে যদি চৰকাৰী সেৱা লাভ কৰা নাই, তাক দেখাবলৈ প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি দেখুৱাব পাৰে তৃণমূল দলৰ কৰ্মীসকলে ঘৰলৈ গৈ সেৱা আগবঢ়াব।

অভিষেক বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰ মঞ্চৰ পৰা কংগ্ৰেছকো সমালোচনা কৰে। তেওঁৰ কয়, “বিজেপিয়ে ভাবিছিল যে আমি কংগ্ৰেছৰ দৰে ভাবুকিৰ দ্বাৰা হতবাক হৈ বহি পৰিম। কিন্তু সেয়া হ’ব নোৱাৰে।”

তেওঁ লগতে কয়, “মই আগতে কৈছো যে কংগ্ৰেছৰ সৈতে আমাৰ পাৰ্থক্য আছে। তেওঁলোকে ২০১৪ চনৰ পৰা বিজেপিৰ হাতত পৰাজিত হৈ আহিছে আৰু আমি ২০১৪ চনৰ পৰা বিজেপিক হেৰুৱাই আছো।”

Related News