NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে টুইট কৰি বিপদত অভিনেত্ৰী অভিয়া

February 15, 2021 6:24 pm · এন ই নাও নিউজ
Updated: February 15, 2021 6:56 pm

দেশত এতিয়া বাক স্বাধীনতাৰ ওপৰতো যেন কাৰোৱাৰ শেণ চকু পৰিছে। গণতান্ত্ৰিক দেশ এখন বাস কৰি থকাৰ পিছতো বহু লোকে যেন এতিয়া মনৰ ক্ষোভ উজাৰি দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰৰ বিৰুদ্ধে যোৱা কোনো কথা ক’লেই যেন আইন-আৰক্ষীৰ কথা আহি পৰা হৈছে।

শেহতীয়াকৈ তেনে অভিজ্ঞতাৰে সন্মুখীন হ’বলগীয়া হৈছে দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী অভিয়া।

দেওবাৰে চেন্নাইলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই সময়তে দক্ষিণৰ অভিনেত্ৰী অভিয়াই তেওঁৰ টুইটাৰত মোদীৰ ভ্ৰমণকলৈ কেতবোৰ মন্তব্য কৰিছিল আৰু টুইটটোত #GoBackModi বুলি হেছ টেগ লগাই দিছিল।

এই কথাতে ক্ষুদ্ধ হৈ পৰিছে বিজেপিৰ একাংশ নেতা।তামিলনাডু বিজেপিৰ আইনী শাখাৰ সদস্য তথা অধিবক্তা এলেক্সিছ সুধাকৰে অভিনেত্ৰী অভিয়াই টুইটটোৰ বিৰুদ্ধে চেন্নাইৰ আৰক্ষী অধীক্ষক,  চাইবাৰ ক্ৰাইমৰ চিআইডিৰ ওচৰত অভিযোগ দাখিল কৰিছে।

অভিযোগত বিজেপি নেতা জনে প্ৰধানমন্ত্ৰীৰ চেন্নাই ভ্ৰমণৰ সময়ত এনেধৰণৰ টুইট কৰি অভিনেত্ৰীগৰাকীয়ে মানুহক উত্তেজিত কৰিব বিচাৰিল বুলি উল্লেখ কৰিছে।অভিনেত্ৰীগৰাকী ভাৰতত অশান্তিৰ সৃষ্টি কৰিব বিচৰা চীন আৰু শ্ৰীলংকাৰ উদ্দেশ্যৰ দ্বাৰা প্ৰৰোচিত হ’ব পাৰে বুলিও তেওঁ সন্দেহ ব্যক্ত কৰিছে।

সেয়ে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰাৰো পোষকতা কৰিছে বিজেপিৰ নেতাগৰাকীয়ে। অৱশ্যে এই প্ৰসংগত তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে বিদেশী ৰাষ্ট্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰমাণ কৰিব পৰাকৈ কোনো তথ্য দিব পৰা নাই।

এনে টুইটৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে মানুহক উচতাই চেন্নাইত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছিল বুলি তেওঁ অভিযোগ কৰিছে।

বিজেপি নেতা জনৰ পৰা পোৱা এনে অভিযোগৰ পিছত আৰক্ষীয়ে অভিনেত্ৰী অভিয়াৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

ইপিনে তামিলনাডু বিজেপিৰ সভাপতি তথা দলটোৰ চাইবাৰ চেলৰ মুৰব্বী চিটিআৰ নিৰ্মল কুমাৰে দলৰ ফালৰ পৰা আনুষ্ঠানিক ভাবে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে।

বিজেপি নেতা এলেক্সিছে হয়তো নিজা উদ্যোগত এনে অভিযোগ দাখিল কৰিছে।

Related News