গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?
মঙলবাৰে পুৱা চেন্নাইত আলোড়নৰ সৃষ্টি হয়। তামিলনাডুৰ বিৰোধী নেতা উদয়নিধি ষ্টেলিনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিনেত্ৰী তৃষাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে জুনিয়ৰ ষ্টেলিনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ বেষ্টনিত নিয়াৰ সময়ত উদয়নিধি ষ্টেলিনক হাঁহি থকা দেখা গৈছিল। তেওঁ দাবী কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাটো দৰাচলতে “আমোদজনক” ঘটনা। বিৰোধী নেতাগৰাকীয়ে ইয়াৰ বিৰুদ্ধে “আইনীভাৱে যুঁজ” দিব বুলিও ঘোষণা কৰে।
সোমবাৰে এখন ৰাজহুৱা সভাত অভিনেত্ৰী তৃষাক লৈ জুনিয়ৰ ষ্টেলিনে কৰা মন্তব্যই এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল। বিৰোধী ডি এম কে নেতাগৰাকীয়ে কৰা আপত্তিজনক মন্তব্যক তীব্ৰ সমালোচনা কৰে শাসকীয় দল টিভিকেই।
মঙলবাৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। টিভিকেৰ এমেৰিকাই নাৰায়ণনে ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ খাৰিজ কৰি কয় যে, “উদয়নিধি ষ্টেলিনক মুখ্যমন্ত্ৰী বিজয় বা টিভিকেৰ বিৰুদ্ধে কথা কোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই। বৰঞ্চ তেওঁক এগৰাকী মহিলাক অপমান কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।” নাৰায়ণনে ঠাট্টা কৰি কয় যে উদয়নিধিৰ নাম সলনি কৰি ‘ভালগাৰ-নিধি’ ৰখা উচিত।
কাবেৰী পানী ভাগ-বতৰা বিবাদক লৈ সোমবাৰে থাঞ্জাভুৰত প্ৰতিবাদী সভাত ভাষণ দি উদয়নিধিয়ে মুখ্যমন্ত্ৰী জোচেফ বিজয়ক সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে তামিলনাডুৱে কাবেৰী নদীৰ পৰা এটোপাল পানীও পোৱা নাই, তথাপিও মুখ্যমন্ত্ৰী এই বিষয়টোৰ প্ৰতি উদাসীন।
সেই সময়ত ভিৰৰ মাজৰ কোনোবাই “তৃষা, তৃষা” বুলি চিঞৰিছিল, যাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল। উদয়নিধিয়ে ভাষণ বন্ধ কৰি মুখত বেঁকা হাঁহি এটা লৈ এক কটু মন্তব্য কৰে। তেওঁৰ এই মন্তব্যই হুলস্থুলৰ সৃষ্টি কৰিলে। বিৰোধী নেতাগৰাকীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দি টিভিকেই ডিএমকে নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে। উদয়নিধিৰ বিৰুদ্ধেও টিভিকেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
টিভিকেই ৰাষ্ট্ৰীয় মহিলা আয়োগক দিয়া অভিযোগত কয় যে, “উদয়নিধি ষ্টেলিনে জনতাৰ শ্লোগান শুনি এগৰাকী বিশিষ্ট নাৰী ব্যক্তিত্বক লক্ষ্য কৰি আপত্তিজনক, দ্বৈত অৰ্থক আৰু অশ্লীল মন্তব্য কৰিছিল।” অভিযোগত লগতে কোৱা হৈছে যে, “উদয়নিধি ষ্টেলিনে ৰাজহুৱা স্থানত গুৰুত্বপূৰ্ণ ৰাজনৈতিক মঞ্চৰ পৰা এনে ভাষা ব্যৱহাৰ কৰাটো নাৰীক পণ্য হিচাপে চোৱাৰ মানসিকতা আৰু মৌখিক নিৰ্যাতন।”
ইয়াৰ পূৰ্বে তামিলনাডু বিজেপিয়েও উদয়নিধিৰ এই মন্তব্যক লৈ গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।
ৰাজনৈতিক মহলৰ পৰা অভিনেত্ৰী তৃষাক লৈ আপত্তিজনক মন্তব্য এইটোৱেই প্ৰথম নহয়। বিজয়ক টাৰ্গেট কৰিবলৈ তৃষাৰ নাম টানি অনা হয়। তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি বিয়পি পৰাৰ পিছৰে পৰা ছবি আৰু ৰাজনৈতিক জগতৰ বহুতেই সুযোগ গ্ৰহণ কৰি এই বিষয়ত মন্তব্য আগবঢ়াইছে।
চলিত বৰ্ষৰ আৰম্ভণিতে তামিলনাডু বিজেপি নেতা নাইনাৰ নগেন্দ্ৰনে মন্তব্য কৰিছিল যে বিজয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে “তৃষাৰ ঘৰৰ পৰা ওলাই আহিব লাগে”। সেই সময়ত তেওঁৰ হৈ তৃষাৰ আইনী দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।