NORTHEAST NOW (Assamese)
অসম

বছৰৰ প্ৰথম সুখবৰ : আজিৰ পৰা শিলঘাট আৰু কলকাতাৰ মাজত চলিব নতুন ৰে’ল

Posted by: এন ই নাও নিউজ January 1, 2019 12:21 pm
train

নৱবৰ্ষৰ প্রথম দিনটোতে কলিয়াবৰৰ ৰাইজৰ দীর্ঘদিনীযা এটা সপোনে পাব বাস্তৱ ৰূপ। কিয়নো আজিৰ পৰা শিলঘাট আৰু কলকাতাৰ মাজত চলাচল কৰিব নতুন ৰে’ল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহজে পৰ্যটকসকল আহিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষতে ৰে’ল বিভাগে শিলঘাটৰ পৰা দূৰণিবটীয়া অঞ্চললৈ ৰে’লসেৱাৰে সংযোগ কৰাৰ কথা আছিল। কিন্তু কিছু অসুবিধাৰ বাবে এই ৰে’লসেৱা যোৱা বছৰ আৰম্ভ নহ’ল যদিও আজি এই ৰে’লসেৱা মুকলি কৰা হ’ব।

দুপৰীয়া ১২.৩০ বজাত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত থাকি শিলঘাটৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব শিলঘাট-কলকাতা এক্সপ্ৰেছৰ যাত্ৰা।

উল্লেখ্য যে আজিৰে পৰা কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেশ্যন জিলিকি উঠিব দেশৰ ৰে’ল মানচিত্ৰত। সকলো ধৰণৰ সা-সুবিধাৰে প্ৰস্তুত কৰি উলিওৱা এই শিলঘাট ৰে’ল ষ্টেশ্যনে মধ্য অসমৰ যোগাযোগ ক্ষেত্ৰত এক উল্লেখণীয় ভূমিকা গ্ৰহণ কৰিব বুলি ইতিমধ্যে বিভিন্নজনে মত প্ৰকাশ কৰিছে।