NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীৰ সৰুসজাইত আজি ভাৰত বনাম নৰ্থ-ইষ্ট য়ুনাইটেড; Entry Free!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2019 1:25 pm
গুৱাহাটীৰ সৰুসজাইত আজি ভাৰত বনাম নৰ্থ-ইষ্ট য়ুনাইটেড; Entry Free!

আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ মাজত এখন বন্ধুত্বপূৰ্ণ মেচ। আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত উক্ত মেচখন অনুষ্ঠিত হ’ব।

বাংলাদেশৰ বিৰুদ্ধে ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ যোগ্যতা নিৰ্ণায়ক মেচত অৱতীৰ্ণ হোৱাৰ আগেয়ে ভাৰতে আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে এই প্ৰস্তুতিমূলক খেলাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে মেচখন উপভোগৰ বাবে কোনো ধৰণৰ টিকটৰ ব্যৱস্থা কৰা হোৱা নাই।

ইতিমধ্যে খেলখনৰ উদ্দেশ্যে অহা সুনীল চেত্ৰী নেতৃত্বাধীন ভাৰতীয় ফুটবল দলটোৱে যোৱা বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছে।

আজি এই খেলখনতে প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় ফুটবল দলে আই এছ এলৰ কোনো ক্লাবৰ বিৰুদ্ধে প্ৰস্তুতি মেচত অংশ ল’ব।

অহা ১৫ অক্টোবৰত কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগনত ভাৰতে নিজৰ তৃতীয়খন যোগ্যতা নিৰ্ণয়কাৰী মেচত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।