NORTHEAST NOW (Assamese)
অসম

নিশা কাৰ্বি পাহাৰৰ পৰা জাকে জাকে ভৈয়ামলৈ নামিছে বন্যহস্তী : স্থানীয় ৰাইজৰ মাজত আতংক

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা November 21, 2019 5:34 pm
Untitled1

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱত বনৰীয়া হাতীৰ বাবে কৰা ২০০বিঘাৰ ধাননি বন্যহস্তীয়ে খাই অন্ত পেলোৱাৰ পাছত পুনৰ চামগুৰিৰ বালিজুৰি-কাজিৰঙাত আৰম্ভ হৈছে বন্যহস্তীৰ উপদ্ৰৱ।

বুধবাৰে নিশা কাৰ্বি পাহাৰৰ পৰা বালিজুৰি-কাজিৰঙাৰ মূল হস্তীদণ্ডিৰে ভৈয়ামৰ পথাৰলৈ নামি আহিল জাকে-জাকে বন্যহস্তী।

নিয়মীয়া অধ্যয়নৰ পৰা বিৰত থাকিবলৈ বাধ্য হোৱা স্কুলীয়া কিশোৰ তথা যুৱক সকলকে আদি কৰি গাওঁখনৰ সকলো স্তৰৰ পুৰুষ সকলে হাতে-হাতে টৰ্চ, আতচবাজী, জুই ধৰি সন্ধিয়াৰে পৰা খেদিব লগীয়া হৈছে বন্যহস্তী।

বন্যহস্তীৰ জাকবোৰে কৃষকৰ ধাননি খাই তহিলং কৰাৰ বিপৰীতে জাকবোৰৰ খোজতহে বিনষ্ট ভৈয়ামৰ পথাৰৰ বহু বিঘা ধাননি।

অঞ্চলটোলৈ প্ৰায় পাঁচ কিলোমিটাৰ নিলগত থকা চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনৰক্ষীয়ে আহি বন্যহস্তী খেদোৱাত স্থানীয় ৰাইজক সহযোগ কৰে।

ইপিনে, ভুক্তভোগী ৰাইজে গাওঁ খনৰ নিচেই কাষতে হাতীখলি খণ্ড বন বিষয়াৰ কাৰ্যালয় থাকিও কেৱল এলেকাৰ দোহাই দি হাতী খেদিবলৈ এজনো বনৰক্ষী নহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে বন বিষয়া জনৈক মহন্তৰ বিৰুদ্ধে চৰম ক্ষোভ ব্যক্তি কৰিছে।

আনহাতে, নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ভৈয়ামৰ জনাঞ্চলত নিশা পাহাৰৰ পৰা নামি যোৱা প্ৰায় ৩০০ৰো অধিক বন্যহস্তীয়ে পুৱা পৰ্য্যন্ত বিচৰণ কৰি থাকে।