NORTHEAST NOW (Assamese)

আজি লক্ষ্মী পূজা: মূল্যবৃদ্ধিৰ মাজতে জনতাই পূজিব ঐশ্বৰ্য্যৰ দেৱীক

October 20, 2021 9:47 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 20, 2021 10:05 am

আজি লক্ষ্মী পুজা।

সমগ্ৰ ৰাজ্যৰ হিন্দুধৰ্মীলোকসকলে বিভিন্ন প্ৰান্তত ৰাজহুৱাকৈ লক্ষ্মী পূজাৰ আয়োজন কৰাৰ লগতে নিজ নিজ গৃহতো গৃহস্থই লক্ষ্মীপূজাৰ আয়োজনকলৈ সকলো ব্যস্ত হৈ পৰিছে।

এইবাৰ আহিন মাহৰ শেষৰটো পূৰ্ণিমাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে লক্ষ্মী পূজা। কিয়নো যোৱা নিশা ৭-০৩ বজাত পূৰ্ণিমা আৰম্ভ হৈ আজি নিশা ৮-২৬ বজালৈ পূৰ্ণিমা চলি থাকিব।

১৯ অক্টোৱৰৰ নিশা ১১ বাজি ৩৫ মিনিটৰ পৰা আজি নিশা ১২ বাজি ২৭ মিনিটলৈ লক্ষ্মী পূজাৰ উত্তম সময় হিচাবে জ্যোতিষীসকলে নিৰ্ধাৰণ কৰিছে।

আজি পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন বজাৰ সমূহত পূজাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।লক্ষী প্ৰতিমাকে ধৰি পূজাৰ বিভিন্ন সামগ্ৰী ,মাটি চাকি, মলা, ধূপদানীৰ লগতে,ফুল, নাৰিকল, আপেল, নাচপতি আদি কৰি বিভিন্ন ফল-মূলেৰে বজাৰ ভৰি পৰা দেখা গৈছে।

সেই অনুপাতে বজাৰত গ্ৰাহকৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে।

বিগত বৰ্ষতকৈ এইবাৰ বজাৰ যথেষ্ট ভাল বুলিও বহু ব্যৱসায়ীয়ে জানিবলৈ দিয়ে।

কিছু কিছু গ্ৰাহকে সামগ্ৰীৰ মূল্য যথেষ্ট হোৱা বুলি জানিব দিছে।

পূজাৰ বজাৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে যদিও সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ৰাজহুৱাকৈ লক্ষ্মী পূজাৰ আয়োজন কৰাৰ লগতে নিজ নিজ ঘৰতো লক্ষী পূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে ৰাইজ।

ৰাজহুৱা লক্ষ্মী পূজা মণ্ডপ সমূহত সম্পূৰ্ণ কোভিড বিধি মানি চলাৰ বিষয়ত গুৰুত্ব দিছে পূজাৰ আয়োজক সমিতিসমূহে।

Related News