NORTHEAST NOW (Assamese)
অসম

আজি মহা শিৱৰাত্ৰি, শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভক্তৰ ভিৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ March 1, 2022 2:12 pm
Maha Shivaratri in Sivasagar

শিৱৰাত্ৰি উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ভক্তপ্ৰাণ ৰাইজে মহা আনন্দেৰে আৰু ভক্তিৰে শিৱৰ চৰণত শৰণ লৈছে।

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো মহা আড়ম্বৰেৰে শিৱৰাত্ৰি আয়োজন কৰা হৈছে। শিৱসাগৰৰ শিৱৰাত্ৰি উৎসৱৰ এক সুকীয়া পৰিচয় আছে।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আজি মহাশিৱৰাত্ৰি উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে।

শিৱদৌলৰ কুণ্ডত গাখীৰ-পানী ঢালিবলৈ পুৱতি নিশাৰে পৰা ভক্তৰ লানি নিচিগা ভিৰ দেখা পোৱা গৈছে।

যিহেতু ১ মাৰ্চৰ ১ বাজি ৪৯ মিনিটৰ পৰা ২ মাৰ্চৰ নিশা ১ বাজি ১৬ মিনিটলৈ শিৱৰাত্ৰীৰ চতুৰ্দশী পূজা হ’ব, এই সময়তেই প্ৰভু শিৱক দৰ্শন কৰিবলৈ ভক্তই ভিৰ কৰে ঐতিহাসিক শিৱদৌলত।

আজি পুৱা শিৱদৌলত পূজাৰ বাবে উপস্থিত হয় ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।