NORTHEAST NOW (Assamese)

আজি বি টি চি নিৰ্বাচনৰ ভোটগণনা, পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা

September 26, 2025 9:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 26, 2025 9:18 am

আজি অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হ বিটিচি নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে বিটিচিৰ নিৰ্বাচনী ফলাফল ঘোষণাক লৈ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে। কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও দৃষ্টি নিবদ্ধ ৰাখিছে প্ৰশাসনে।

উল্লেখ্য যে, যোৱা ২২ ছেপ্টম্বৰত বড়োভূমিৰ ৪০টা পৰিষদীয় সমষ্টিত সম্পন্ন হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিটিচি নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

ইয়াৰে ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী।

তাৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ২৩ হাজাৰ ৩৯৯ গৰাকী, মহিলা ভোটাৰ হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী । উল্লেখ্য যে, ২০২০ চনৰ বি টি আৰ নিৰ্বাচনত ৪০ টা পৰিষদীয় সমষ্টিত বি পি এফ দলে ১৭ খন, ইউ পি পি এল দলে ১২ খন, বিজেপিয়ে ৯ খন, কংগ্ৰেছে ১ খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে ১ খন আসন লাভ কৰিছিল৷

Related News