পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান; সংযোজন হ’ল জাতীয় বাঁহ উদ্যান-জাতীয় নাৰ্ছাৰি
আজি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল কাজিৰঙাৰ দূৰ্গাপুৰত থকা জাতীয় অৰ্কিড উদ্যান। কৃষক নেতা অখিল গগৈৰ পৰিচালনাত গঢ়ি উঠা এই অৰ্কিড উদ্যানৰ নৱতম সংযোজন কাজিৰঙা জাতীয় বাঁহ উদ্যান আৰু কাজিৰঙা জাতীয় নাৰ্ছাৰিও আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।
আজি অৰ্কিড উদ্যানে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত কাজিৰঙা জাতীয় বাঁহ উদ্যানখন উদ্বোধন কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। একেদৰে জাতীয় নাৰ্ছাৰি উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই। ইয়াৰ উপৰি জাতীয় সংগ্ৰহালয়টো উদ্বোধন কৰে দূৰ্লভ বৰাই।
এই উদ্বোধনী অনুষ্ঠানত জাতীয় উদ্যানখনৰ গুৰি ধৰোতা কৃষক নেতা অখিল গগৈ, বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈ, উদয়াদিত্য ভৰালী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।
জাতীয় বাঁহ উদ্যান মুকলি কৰি পদ্মশ্ৰী যাদৱ পায়েঙে আন্দোলনৰ নামত ৰাস্তাই ঘাটে টায়াৰ জ্বলাই প্ৰদূষণ সৃষ্টি নকৰিবৰ বাবে সকলোকে আহ্বান জনায়। গণতান্ত্ৰিক দেশত আন্দোলন কৰা বা প্ৰতিবাদ আদি কৰাৰ অধিকাৰ সকলোৰে আছে যদিও টায়াৰ জ্বলাই প্ৰতিবাদ কৰাটো বেয়া কথা বুলি তেওঁ মন্তব্য কৰে।
ইফালে সাংবাদিক নিতুমনি শইকীয়াই জাতীয় অৰ্কিড উদ্যানত কি হৈ আছে তাক নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক উদ্যানখনলৈ আহিবৰ বাবে আহ্বান জনায়।
জাতীয় অৰ্কিড উদ্যানৰ মূল চালিকা শক্তি অখিল গগৈৰ মতে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানে বিগত সময়ত দেশী-বিদেশী পৰ্যটকৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিছে। অৰ্কিড পাৰ্কৰ ওপৰত চৰকাৰে দিয়া হেচাৰ সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে অসমীয়া জনসাধাৰণৰ লগতে সংবাদ মাধ্যম তেওঁলোকৰ লগত আছে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে অখিল গগৈৰ এই জাতীয় উদ্যানত অৰ্কিডৰ উপৰি প্ৰায় ৫৪৮ বিধ বনৌষধ উদ্ভিদ আছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা অতিথি আৰু পৰ্যটক সকলক থলুৱা পৰম্পৰাগত খাদ্য সম্ভাৰেৰে আপ্যায়ণ কৰাৰ উপৰি বিভিন্ন পৰম্পৰাগত গীত নৃত্যৰে আদৰণী জনোৱা হয়।