NORTHEAST NOW (Assamese)

আজি গুৱাহাটীত নৰ্থ-ইষ্ট আৰু চেন্নায়েনৰ মাজত হ’ব ISL-ৰ অন্তিম লীগ মেচ

February 25, 2020 12:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আই এছ এলৰ অন্তিমখন লীগ মেচ আজি গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু চেন্নায়েন এফ চিৰ মাজত অনুষ্ঠিত হ’ব।

পইণ্ট তালিকাৰ ৯ নম্বৰ স্থানত থকা নৰ্থ-ইষ্টৰ বাবে আজিৰ মেচখন গুৰুত্বহীন যদিও তালিকাৰ চতুৰ্থ স্থানত থকা চেন্নায়েন এফ চিৰ বাবে গুৰুত্বপূৰ্ণ।

কিয়নো আজি অন্তিমখন মেচত জয়লাভ কৰিলে ৩১ পইণ্ট লাভ কৰি বেংগালুৰু এফ চিক অতিক্ৰম কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানত উপনীত হ’ব।

পূৰ্বে দুবাৰকৈ লীগৰ খিতাপ দখল কৰা চেন্নায়েনৰ লক্ষ্য হ’ল আজি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰা।

এই সন্দৰ্ভত দলটোৰ প্ৰশিক্ষক অ’ৱেন কয়লে কয়, ‘ছেমি ফাইনেল এ টি কে বা গোৱাৰ বিৰুদ্ধে খেলিম। কিন্তু লক্ষ্য আজিৰ মেচতহে’।

ইফালে ক্ৰমাগত ১৩ খন মেচত জয়ৰ মুখ নেদেখা আৰু প্ৰথম লেগৰ মেচত চেন্নায়েনৰ বিৰুদ্ধে ২-০ত পৰাস্ত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে লীগৰ অন্তিমখন মেচত জয় লাভ কৰি ছিজন সামৰাৰ আশা প্ৰকাশ কৰিছে দলটোৰ প্ৰশিক্ষক খালিদ জামিলে।

তেওঁ কয়, ‘চেন্নায়েন শক্তিশালী দল যদিও দলে জয়ৰ আশা কৰিছে। আজিৰ মেচতো নতুন খেলুৱৈয়ে সুযোগ লাভ কৰিব’।

উল্লেখ্য যে অনুৰাগী সকলক সম্পূৰ্ণ নিৰাশ কৰা নৰ্থ-ইষ্টে ছিজনৰ ১৭খন খেলত মাত্ৰ ১৪টাহে গ’ল কৰিবলৈ সক্ষম হৈছে।

Related News