NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক সম্পৰ্কত আজি জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক; গুৱাহাটীত নেছ’ৰ প্ৰতিবাদ

November 20, 2018 9:31 am · এন ই নাও নিউজ
Updated: November 20, 2018 9:51 am
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

আজি দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিভিন্ন দিশ চালি-জাৰি চাবলৈ গঠিত যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ দিনটোতে উত্তৰ-পূবৰ উমৈহতীয়া ছাত্ৰ সংগঠন নেছ’ই বিধেয়কখনৰ বিৰোধিতা আৰু বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব।

অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া জাতিধ্বংসী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ কেতিয়াও মানি নলয় বুলি নেছ’ৰ নেতৃত্বই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজি দিল্লীত বিধেয়কখনৰ বিভিন্ন দিশ চালি-জাৰি চাবলৈ গঠিত যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক আছে। আজিৰ বৈঠকতে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে কমিটীৰ ৩০ জন সদস্যৰ প্ৰত্যেকৰে মত লোৱাৰ কথা। আনহাতে ১৯ নৱেম্বৰত সংবাদ মাধ্যমৰ আগত অধ্যক্ষ অগ্ৰৱালে অসম তথা উত্তৰ-পূবৰ মানুহৰ উদ্বেগৰ কথাটোও কমিটীৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিছিল।

মন কৰিব লগীয়া যে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সতোখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (চমুকৈ নেছ’) নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰয়া, সম্পাদক প্ৰধান নাম প্ৰকাশে সংবাদ মাধ্যমৰ আগত কয় যে কোনো পৰিস্থিতিত এই  জাতিধ্বংসী বিলখন মানি লোৱা নহ’ব।

নেছ’ৰ নেতৃত্বই স্পষ্টকৈ কয় যে বিধেয়কখন আনিলে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্বকীয় পৰিচয় আৰু অস্তিত্ব নিঃশেষ হ’ব।

“অঞ্চলটোৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া বিদেশী (সংশোধনী) নিৰ্দেশ ২০১৫, পাৰপত্ৰ নীতি ২০১৫, নাগৰিকত্ব (সংশোধনী) বিল ২০১৬, দীৰ্ঘম্যাদী ভিছা বাতিল হ’বই লাগিব।” এইদৰে কয় প্ৰতিনিধিকেইজনে।

আনহাতে, নেছ’ই অহা ৩০ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সতোখন ৰাজ্যৰ ৰাজধানীত সুকীয়া সুকীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলিও প্ৰতিনিধিকেইজনে জানিবলৈ দিয়ে।

Related News