NORTHEAST NOW (Assamese)

আজি দ্বিতীয় লেগৰ ছেমিত পুনৰ নৰ্থ-ইষ্ট য়ুনাইটেড বনাম বেংগালুৰু এফ চি

March 11, 2019 10:18 am · এন ই নাও নিউজ
Updated: March 11, 2019 10:41 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি নৰ্থ-ইষ্ট য়ুনাইটেড আৰু দেশৰ এক নম্বৰৰ ফুটবল দল বেংগালুৰু এফ চিৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয় লেগৰ ছেমিফাইনেল। মেচখন বেংগালুৰুৰ শ্ৰী কান্তিৰাবা ষ্টেডিয়ামত বিয়লি ঠিক সাত বজাৰ পৰা অনুষ্ঠিত হ’ব।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন লেগৰ ছেমিফাইনেলত নৰ্থ-ইষ্ট য়ুনাইটেডে বেংগালুৰু এফ চিক ২-১ৰ ব্যৱধানত পৰাস্ত কৰিছিল। যদিহে আজিৰ মেচখন নৰ্থ-ইষ্ট য়ুনাইটেডে জয় বা ড্ৰ কৰাব পাৰে তেন্তে আই এছ এলৰ ইতিহাসত দলটোৱে প্ৰথমবাৰলৈ প্ৰৱেশ কৰিব ফাইনেলত।

২-১ৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লৈ নৰ্থ-ইষ্টে আজি খেলপথাৰত নামিব যদিও বেংগালুৰুৰ বিৰুদ্ধে যুঁজ দিয়াতো সহজ নহ’ব। কিয়নো আজিৰ মেচখনত নৰ্থ-ইষ্টৰ তাৰকা খেলুৱৈ অগবেচ আৰু বৰ্গেছৰ খেলা সম্ভাৱনা ক্ষীণ। ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ বেংগালুৰু এফ চিয়ে ঘৰুৱা সমৰ্থকৰ উপস্থিতিত আক্ৰমণাত্মক খেলেৰে আলহী দলটোক বিপদত পেলোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে নাইজেৰিয়ান তাৰকা তথা নৰ্থ-ইষ্টৰ অধিনায়ক অগবেচে লেগৰ প্ৰথমখন ছেমিফাইনেলত হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে নে নাই সেই বিষয়ে দলীয় মেনেজমেণ্টে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই। যদিহে আজিৰ গুৰুত্বপূৰ্ণ মেচখনত তাৰকা খেলুৱৈগৰাকী খেলপথাৰত নানামে তেন্তে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

ইফালে আজিৰ মেচখন সম্পৰ্কে নৰ্থ-ইষ্টৰ প্ৰশিক্ষক ছেট্টৰীয়ে প্ৰৱল আত্মবিশ্বাসেৰে কয়, ‘প্ৰথম মেচখনত দুজনকৈ খেলুৱৈৰ আঘাত সত্ত্বেও আমি মেচ জিকিছো। আমি ফাইনেল খেলাৰ লক্ষ্যৰেই আহিছো। গতিকে মেচ জিকিহে উভতিম’।

Related News