NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ অখিল গগৈ; শুনানিত উপস্থিত নাথাকিল NIA ৰ কোনো বিষয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 25, 2020 4:02 pm
Akhil gogoi

NIA আদালতত আজি পুনৰবাৰ কৃষক নেতা অখিল গগৈক হাজিৰ কৰোৱাৰ হয় আদালতত।

পিছে আদালতত NIA ৰ কোনো লোক তথা বিষয়া উপস্থিত নথকাত স্থগিত ৰখা হয় গুৰুত্বপূৰ্ণ শুনানি।

কি কাৰণত NIA ৰ তদন্তকাৰী বিষয়া বা অন্য বিষয়া উপস্থিত নাথাকিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

অহা ৭ মাৰ্চত অখিল গগৈক পুনৰ হাজিৰ কৰোৱাৰ নির্দেশ NIAৰ আদালতত।

অখিলৰ লগতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকো ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলাত আজি পুনৰ NIA আদালতত হাজিৰ কৰোৱা হৈছিল গগৈৰ লগতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অন্য নেতাকেইগৰাকীক।

উল্লেখযোগ্য যে, অহা ১ মাৰ্চৰ পৰা জেইলৰ ভিতৰত আমৰণ অনশনৰ হুংকাৰ দিছে অখিল গগৈয়ে।

জানিব পৰা মতে শাৰীৰিক ভাৱে অসুস্থ কৃষক নেতা অখিল গগৈ। জেইলৰ ভিতৰত চিকিৎসকে চিকিৎসা কৰি আছে অখিলক। মূৰ,  দাঁত, হাত ভৰিৰ গাঁঠিৰ প্ৰচণ্ড বিষত আক্ৰান্ত কৃষক নেতা গৰাকী।